Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল আজিতেশ হাজৰিকাৰ মৃতদেহ
নিউজ ডেস্ক,১৫জুলাই : অৱশেষত উদ্ধাৰ হ’ল ডিব্ৰুগড়ৰ পৰা গ্ৰীষ্মবন্ধত ফুৰিবলৈ আহি সন্ধানহীন হোৱা ডিব্ৰুগড়ৰ যুৱকৰ মৃতদেহ । সোমবাৰে পুৱা চিমেন চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত মাজগাঁও দলঙৰ ওচৰত উদ্ধাৰ হয় মৃতদেহটো। এছ ডি আৰ এফ বাহিনীৰ সন্ধান চলাই সোমবাৰে দুপৰীয়া প্ৰায় ১২বজাত উদ্ধাৰ হয় মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো পৰিয়ালৰ তৰফৰ পৰা যুৱকজনৰ মৃতদেহ বুলি চিনাক্ত কৰা হৈছে । এই সন্দৰ্ভত এক গোচৰো পঞ্জীয়ন কৰা হৈছে(Dead body recovered) ।
উল্লেখ্য যে, শুকুৰবাৰে ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ ৭ জনীয়া ছাত্ৰৰ সৈতে চিমেন নদীত ফুৰিবলৈ আহিছিল আজিতেশ হাজৰিকা(১৭)সহ ৭জনীয়া সহপাঠী সতীৰ্থৰ দলটো । বিয়লি উভতি যোৱাৰ পৰিকল্পনা কৰি যুৱকৰ দলটো চিমেন নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নদীৰ পাৰত উপস্থিত হৈ চিমেন নদীত এটি শিলৰ ওপৰত থিয় হৈ ছেলফি উঠিবলৈ লওঁতে ভৰি পিচলি নৈত পৰাত নৈৰ কোৱাল সোঁতে উটোৱাই লৈ যায় ছাত্ৰজনক।
চিমেন নদীৰ কোৱাল সোঁতত উটি যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা যুৱকজন । এছ ডি আৰ এফ বাহিনীয়ে সন্ধানহীন যুৱকজন বিচাৰি অনুসন্ধান চলাই আছিল যদিও অৱশেষত সোমবাৰে দুপৰীয়া প্ৰায় ১২বজাত মৃতদেহ উদ্ধাৰ কৰে।
লগতে পঢ়ক : Unidentified Body Found in Doboka : ডবকাত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ