Son Brutally Killed Father : প্ৰথমে পিতৃক নিৰ্মম প্ৰহাৰ, তাৰ পিছত বিষাক্ত দ্ৰব্য খুৱাই হত্যা পিতৃক

কৰিমগঞ্জ,১৪জুলাই : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ( Son Brutally Killed Father ) । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে পিতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল ৰাজ্য ।নিজ পিতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ। পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। প্ৰথমে পিতৃক নিৰ্মম প্ৰহাৰ, তাৰ পিছত বিষাক্ত দ্ৰব্য খুৱাই হত্যা ।
কৰিমগঞ্জৰ পাথাৰকান্দিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ। পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। পুত্ৰৰ হাতত প্ৰাণ গল আলমাছ উদ্দিন নামৰ লোকজনৰ। প্ৰথমে নিৰ্মম প্ৰহাৰ, তাৰ পিছত বিষাক্ত দ্ৰব্য খুৱাই আলমাছ উদ্দিনক হত্যা কৰাৰ অভিযোগ। প্ৰথমা পত্নীৰ পুত্ৰই পিতৃ আলমাছ উদ্দিনক হত্যা কৰাৰ অভিযোগ।ঘটনা সন্দৰ্ভত প্ৰথমা পত্নীৰ পিতৃগৃহৰ একাংশ লোকৰ বিৰুদ্ধে পাথাৰকান্দি থানাত এজাহাৰ দাখিল দ্বিতীয় পত্নীৰ পৰিয়ালৰ।
উল্লেখ্য যে, পুত্ৰই নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ কথা ফোন যোগে দ্বিতীয় পত্নীক জনাইছিল আলমাছ উদ্দিনে। আনকি মৃত্যুৰ পূৰ্বে কল ৰেকৰ্ডিং আৰক্ষীক গতায় দিবলৈও দ্বিতীয় পত্নীক অনুৰোধ জনাইছিল আলমাছ উদ্দিনে। নিজ পুত্ৰই এই জঘণ্য ঘটনা সংঘটিত কৰাৰ পাছতে আলমাছ উদ্দিনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে লোকজনক। পাৰিবাৰিক কন্দলৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ।ইফালে পলাতক অৱস্থাত থকা অভিযুক্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
লগতে পঢ়ক :Tiger terror at Nagaon : নগাঁৱৰ জুৰীয়াত অকমণ্য বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ