Tragic Road Accident : দ খাৱৈত বাগৰি পৰিল এল্ট’বাহন; নিহত দুজন যুৱক
নিউজ ডেস্ক,১৩জুলাই : এক শোকাৱহ দুৰ্ঘটনা । দ খাৱৈত বাগৰি পৰিল এল্ট’ বাহন(Tragic Road Accident) ।
ঢকুৱাখনা-ঘিলামৰা সংযোগী ৪২নং ৰাজ্যিক ঘাইপথৰ জামুগুৰি দলঙৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
জানিব পৰা মতে, তীব্ৰ বেগত অহা AS06-S7371 নম্বৰৰ এখন এল্ট’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দ খাৱৈত। ফলত বাহনখনত থকা দুজনকৈ যুৱক থিতাতে নিহত হয় ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সনদৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু SDRF আৰু স্থানীয় লোকৰ সহযোগত দুয়োজন যুৱকৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰে(Tragic Road Accident)।
উদ্ধাৰ হোৱা মৃতদেহ দুটা নিহত যুৱক দুজন ধেমাজি পাঁচআলি আদিকলীয়া গাঁৱৰ বংশীধৰ গাটাকৰ পুত্ৰ পাপু গাটাক আৰু আনজন ফুল ঙাটেৰ পুত্ৰ মনোজ ঙাটে বুলি চিনাক্ত কৰা হৈছে ৷
লগতে পঢ়ক : Elephant menace in Jamugurihat : জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে গৃহ