Elephant menace in Jamugurihat : জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে গৃহ
নিউজ ডেস্ক,১৩জুলাই : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Jamugurihat) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালৈক জামুগুৰিহাটত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।
শনিবাৰে পুৱতি নিশা জামুগুৰিহাটৰ তৌভঙা যোগীবস্তিত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাক এটাই গাঁৱখনত সন্ত্ৰাস চলায়। দেবেন গগৈ নামৰ লোকজনৰ পাকঘৰ ভাঙি তহিলং কৰে ৷ ইয়াৰোপৰি ধান চাউল আদি খোৱাৰ লগতে সা সম্পত্তিসমূহ নষ্ট কৰে ৷ বনৰীয়া হাতীৰ জাকটোৱে গাঁৱখনৰ ৰাইজৰো বিস্তৰ ক্ষতি সাধন কৰে৷
স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত পোৱালীসহ ওলাই অহা ২০/২৫ জনীয়া বনৰীয়া হাতীৰ জাকটোৱে পশ্চিম তৌভঙা অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ অৱশ্যে ৰাইজে হৈ হাল্লা কৰি বনৰীয়া হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই বিভাগৰ লোক।
লগতে পঢ়ক : Japanese Encephalitis : শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ