Local, Vocal, Global

Prominent social activist Ram panging passes away : চিলাপথাৰ ডিমৌৰ বিশিষ্ট সমাজকৰ্মী ৰাম পাংগিংৰ দেহাৱসান

নিউজ ডেস্ক,১৩জুলাই : চিলাপথাৰ ডিমৌৰ বিশিষ্ট সমাজকৰ্মী ৰাম পাংগিংৰ দেহাৱসান।

জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১১-০০ বজাত নৈশ আহাৰ গ্ৰহণ কৰি নিদ্ৰাৰত অৱস্থাত অসুস্থ হৈ পৰে আৰু আকস্মিকভাৱে মৃত্যু ঘটে ।

অঞ্চলটোৰ এজন সৰলমনা আৰু অমায়িক লোক হিচাপে সৰ্বজন সমাদৃত ৰাম পাংগিং বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰে জড়িত আছিল। মিছিং জনগোষ্ঠীয় সংগঠন এম এম কে’ৰ ডিমৌ আঞ্চলিক উপদেষ্টা, পাংগিং হৗৰাং কৗবাংৰ সক্ৰিয় সদস্য আছিল পাংগিং(Prominent social activist Ram panging passes away)।

ইয়াৰোপৰি ডিমৌ দঃলুংৰ গাম, GMCCৰ সদস্য, সন্মিলিত গণশক্তি সদস্য, ডিমৌ চেম্বার্চ অৱ কমার্চ’ৰ উপদেষ্টা আদি বহু অনুষ্ঠান সংগঠনৰ সৈতে জড়িত আছিল। মৃত্যুৰ সময়ত পাংগিঙে পত্নীসহ ২ পুত্ৰ আৰু বহু নিকট আত্মীয়ক ইহলোক এৰি থৈ গৈছে।তেওঁৰ অকাল মৃত্যুৰ ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। ডিমৌ অঞ্চলৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে।

লগতে পঢ়ক : Tragic Road Accident : টেংকাৰ আৰু মটৰচাইকেল বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত দুজন যুৱক