Tragic Road Accident : টেংকাৰ আৰু মটৰচাইকেল বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত দুজন যুৱক
নিউজ ডেস্ক,১৩জুলাই : জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা । শুকুৰবাৰে নিশা প্ৰায় ৯মান বজাত জামুগুৰিহাটৰ চৌকিঘাট দলঙৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷
টেংকাৰ আৰু মটৰচাইকেল বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । তেজপুৰ দিশৰ পৰা আহি থকা HR-55-AG-4991 নম্বৰৰ টেংকাৰখনত জামুগুৰিহাটৰ দিশৰ পৰা তীব্ৰ বেগেৰে গৈ AS-12-AK-0686 নম্বৰৰ মটৰচাইকেলখনে মুখামুখি খুন্দা মাৰে ফলত থিতাতে নিহত হয় দুই মটৰচাইকেল আৰোহী (Tragic Road Accident) ৷
নিহত যুৱক দুজনৰ এজন তেজপুৰ ভালুক জাৰণী খলিহামাৰীৰ বৰুণ শইকীয়া। আনগৰাকী যুৱক তেজপুৰ ন’পামৰ পলাশ শইকীয়া বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাস্থলীত জামুগুৰি আৰক্ষী আৰু বৰঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷