Local, Vocal, Global

Drunk Driver Plows Through Pedestrians In Silchar :ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা;সুৰামত্ত চালকে খুন্দিয়ালে ইজনৰ পাছত সিজন লোকক

নিউজ ডেস্ক,১৩জুলাই : ৰাজ্যত পুনৰ হিট এণ্ড ৰানৰ ঘটনা। এইবাৰ শিলচৰত সংঘটিত হয় হিট এণ্ড ৰানৰ ঘটনা ।শুকুৰবাৰে নিশা শিলচৰ চহৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনাটো।

জানিব পৰা মতে, সুৰামত্ত চালক এজনে খুন্দিয়াই লৈ যায় এজনৰ পিছত আন এজনক । সুৰামত্ত চালকদনে ব’লেৰ’ বাহনেৰে মহতিয়াই নিয়ে কেইবাখনো বাহনসহ এজন এজনকৈ প্ৰায় ১০ জনক পথচাৰীক । ঘটনাত গুৰুতৰভাৱে আহত এজন(Drunk Driver Plows Through Pedestrians In Silchar) ।

ঘটনা অনুসৰি, শুকুৰবাৰে নিশা এজন মিজো চালকে চহৰৰ চদৰঘাট অঞ্চলত সুৰা ৰাগীত মাতাল হৈ ব’লেৰ’ বাহনখনেৰে প্ৰথমে তিনিগৰাকী পথচাৰীক মহতিয়াই নিয়ে ৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিয়ে মিজো চালকজনে চহৰখনৰ মাজেৰে পলায়নৰ চেষ্টা কৰোতেই বাহনখনে ৰাজপথত থকা কেইবাখনো বাহনসহ ইজনৰ পাচত সিজনকৈ লোকক খুন্দিয়াই লৈ যায় ।এই ভয়ংকৰ ঘটনাটো একাংশ যুৱকে প্ৰত্যক্ষ কৰি বাহনখনৰ পিছে পিছে খেদি যায় আৰু বাহনখন চহৰৰ পাৰ্কৰোডৰ ৰাজপথৰ এটা প্ৰকাণ্ড গাঁতৰ বাবে ৰাজপথতে আৱদ্ধ হৈ পৰে ।লগে লগে উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰে বাহনখন ।

ইফালে বাহনখনৰ পৰা ৰাইজে উদ্ধাৰ কৰে কেইবা কাৰ্টন সুৰাৰ বটল ।

আনহাতে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বাহনখনৰ চালকক আটক কৰি থানালৈ লৈ যায় আৰু আহত আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Kampur Flood Situation Grim : ধেমাজিত বানৰ তাণ্ডৱ; জোনাই আৰু চিলাপথাৰ সংযোগী ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল পানী