Sri Lankan Navy Apprehends 13 Indian Fishermen From Tamil Nadu : পুনৰ ১৩ গৰাকী ভাৰতীয়া মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ
নেশ্যনেল ডেস্ক,১১জুলাই : পুনৰ ভাৰতীয়া মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ(Sri Lankan Navy Apprehends 13 Indian Fishermen From Tamil Nadu) ।
তামিলনাডুত বৃহস্পতিবাৰে পুৱাই ভাৰত মহাসাগৰৰ উপকূলীয় অঞ্চলৰ ডেলফ্ট দ্বীপৰ পৰা ১৩ গৰাকী ভাৰতীয় মাছমৰীয়াক আটক কৰে ৷ আটক কৰা মাছমৰীয়াসকলৰ পৰা মাছমৰীয়া সকলে ব্যৱহাৰ কৰা তিনিখন নাও জব্দ কৰে(Sri Lankan Navy apprehends 13 fishermen from Pudukottai) ৷
উল্লেখ্য যে, এয়াই প্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও প্ৰায়ে শ্ৰীলংকাৰ নৌসেনাই আন্তৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি মাছ ধৰাৰ বাবে ভাৰতীয় মাছমৰীয়াসকলক আটক কৰে ৷ এইবাৰো অনুৰূপ কাৰ্যৰ বাবেই মাছমৰীয়াসকলক আটক কৰা হৈছে ৷ বিষয়টো সন্দৰ্ভত পূৰ্বৰে পৰা ভাৰতীয় মাছুৱৈসকলে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছিল যদিও কোনো সমাধান লাভ নকৰিলে ৷
বিগত এক জুলাইত শ্ৰীলংকাৰ নৌসেনাই আটক কৰিছিল ২৬ গৰাকী ভাৰতীয় মাছমৰীয়াক ৷ লগতে তেওঁলোকে ব্যৱহাৰ কৰা চাৰিখনকৈ নাও জব্দ কৰিছিল । মাছমৰীয়াসকলে উপকূলীয় অঞ্চল ৰামেশ্বৰম দ্বীপৰ পাম্বানৰ পৰা মাছ ধৰিবলৈ গৈছিল । সেই সময়তে আটক কৰে মাছমৰীয়া কেইজনক(Sri Lankan Navy Apprehends 13 Indian Fishermen From Tamil Nadu, Seizes Three Boats) ।
লগতে পঢ়ক : 11 kg ganja seized from Biswanath bus : এইবাৰ যাত্ৰীবাহী বাছত জব্দ বুজন পৰিমাণৰ গাঞ্জা