Floods In Assam : ৰাজ্যত বৰ্তমানো অব্যাহত আছে বানৰ তাণ্ডৱ
নিউজ ডেস্ক, ১০ জুলাই : ৰাজ্যত বৰ্তমানো অব্যাহত আছে বানৰ বিভীষিকা। ৰাজ্যৰ ২৬ খন জিলাৰ ১৭.১৭ লাখ লোক বৰ্তমানো বানৰ কবলত । মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে ৭৯ জনলৈ। উৎসৱ পৰ্বৰ দৰেই প্ৰতি বছৰে আহে ৰাজ্যত বানপানী । চলিত বৰ্ষতো বানপানীয়ে অসমত চলাইছে ভয়ংকৰ তাণ্ডৱ । ডি আৰ আই এম এছৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ৰাজ্যৰ ২৬ খন জিলা বানত প্ৰভাৱিত হৈ আছে। এই জিলা কেইখনৰ ভিতৰত আছে ধুবুৰী, কাছাৰ, কামৰূপ, গোৱালপাৰা, লখিমপুৰ, ডিব্ৰুগড়, চৰাইদেউ, দক্ষিণ শালমাৰা, ধেমাজি, নলবাৰী, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, হাইলাকান্দি, বিশ্বনাথ, বৰপেটা, দৰং, কামৰূপ (ম), মাজুলী, যোৰহাট, কোকৰাঝাৰ,তিনিচুকীয়া আৰু চিৰাং। এই জিলা কেইখনৰ ৯০ টা ৰাজহ চক্ৰ আৰু ২৭৭৯ খন গাঁও এতিয়াও আছে বানৰ কবলত। (Floods continue to wreak havoc in the state even now)
তথ্য অনুসৰি বৰ্তমানো ১৭,১৭,৫৯৯ গৰাকী লোক এতিয়াও বানত প্ৰভাৱিত হৈ থকাৰ বিপৰীতে ৩৯,৮৭০.৩ হেক্টৰ কৃষিভূমি প্লাবিত হৈ আছে। এই জিলাসমূহৰ ভিতৰত সৰ্বাধিক ধুবুৰীত ৩,৫৪,০৪৫ গৰাকী লোক বানাক্ৰান্ত হৈছে। আনহাতে ৰাজ্যত বানৰ ফলত মৃত্যু হয় ৭৯ গৰাকী লোকৰ। বানাক্ৰান্তসকলৰ বাবে স্থাপন কৰা প্ৰায় ৫০২ টা আশ্ৰয় শিবিৰত ৪৮,০২১ জন লোক আছে। ইয়াৰোপৰি বানাক্ৰান্তৰ বাবে কেইবাটাও সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।বৰ্তমান সময়ত বিপদ-সীমাৰ ওপৰৰে বৈ থকা অসমৰ নৈ- উপনৈ সমূহৰ ভিতৰত আছে- ব্ৰহ্মপুত্ৰ (নিমাতিঘাট), ব্ৰহ্মপুত্ৰ(তেজপুৰ),ব্ৰহ্মপুত্ৰ (গুৱাহাটী), ব্ৰহ্মপুত্ৰ (ধুবুৰী), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং). দিখৌ (শিৱসাগৰ),কপিলি (ধৰমতুল) ।
উল্লেখ্য যে, বানাক্ৰান্ত জিলাৰ সংখ্যা হ্ৰাস হ’লেও এতিয়াও মানুহৰ মাজত দুৰ্দশা কম হোৱা নাই। নিজৰ ঘৰ বাৰী তথা সা সম্পত্তি এৰি এতিয়াও ওখ ঠাইত আশ্ৰয় লৈ আছে বানাক্ৰান্তই।
লগতে পঢ়কঃ Salery Hiked For MLA, Minister’s : বিধানসভা সচিবালয়ে গঠন কৰিলে চাৰিজনীয়া দৰমহা কমিটি