Local, Vocal, Global

Marksheet Scam: এইবাৰ নগাঁৱৰ ধিঙত পোহৰলৈ আহিছে মাৰ্কশ্বীট জালিয়াতিৰ তথ্য

ধিং,১০জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট জালিয়তি কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদন্ত ঘোষণাৰ পিছতেই আহিছে ন ন তথ্য ।

নগাঁৱৰ ধিঙত পোহৰলৈ আহিছে মাৰ্কশ্বীট জালিয়াতিৰ তথ্য। ধিঙৰ ধূপগুৰি ফকৰ উদ্দিন আলি আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষকে কৰিছে এই জালিয়তি ।

অভিযোগ উত্থাপন হোৱা সহকাৰী শিক্ষক জনাৰ নাম আব্দুল হাই(Marksheet Scam)।

জানিব পৰা মতে, শিক্ষক আব্দুল হাইয়ে নগাঁও শিক্ষন মহাবিদ্যালয়ৰ পৰা অৱতীর্ণ হোৱা বি এড (চুড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বিটত জালিয়তি কৰিছিল ।

এই জালিয়তিৰ ঘটনাটো সংঘটিত হৈছিল ২০১৭ চনত। ২০১৭ চনৰ ৯ ডিচেম্বৰত ঘোষণা কৰা হৈছিল ৰিজাল্ট । এই ৰিজাল্টত আব্দুল হাইয়ে দুটা বিষয়ত অনুতীৰ্ণ হৈছিল । কিন্তু ৫ দিন পিছত অৰ্থাৎ ১৪-১২-২০১৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষক আব্দুল হাইয়ে লাভ কৰিলে আন এখন মাৰ্কশ্বিট ।য’ত তেওঁ আটাইকেইটা বিষয়ত উৰ্ত্তীৰ্ণ হৈছিল।

এই তথ্য পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ ধিঙতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই তথ্য পোহৰলৈ আনে সদৌ অসম দিবাংগ মঞ্চ নামৰ এটা সংগঠনে।

ইফালে এই ঘটনা সন্দৰ্ভত দিবাংগ মঞ্চৰ সভাপতি মস্তোফা কমালে ধিঙত সংঘটিত মাৰ্কশ্বিট জালিয়তিৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যয়ৰ তদন্ত দাবী কৰিছে ।

ধূপগুৰি ফকৰ উদ্দিন আলি আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই জালিয়তি মাথোন এটা উদাহৰণহে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও চলি আছে মাৰ্কশ্বিট জালিয়তি ।

লগতে পঢ়ক : Massive fire breaks out in Chapar : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত কেইবা লাখ টকাৰ সম্পত্তিৰ লগতে মূল্যৱান নথি পত্ৰ