Virat Kohli and wife Anushka Sharma visit ISKCON temple in London : লণ্ডনৰ ইস্কন মন্দিৰত দেখা গ’ল বিৰাট- অনুষ্কাক; সামজিক মাধ্যমক ভাইৰেল ভিডিঅ’

নেশ্যনেল ডেস্ক,৯জুলাই : টি-২০ বিশ্বকাপ জয় কৰি লণ্ডনলৈ ৰাওনা বিৰাট কোহলি। লণ্ডনলৈ গৈ পত্নী অনুষ্কা শৰ্মা, কন্যা ভামিকা আৰু পুত্ৰ অকাইৰ সৈতে অৱসৰ বিনোদনত ব্যস্ত বিৰাট কোহলি।
লণ্ডনৰ ইস্কন মন্দিৰত দেখা গ’ল বিৰাটক অনুষ্কাক। সামাজিক মাধ্যমত ভাইৰেল দম্পতীহালৰ মন্দিৰৰ ভিডিঅ’। এই ভিডিঅ’টো চাই সুখী হৈ পৰিছে অনুৰাগীসকল।
লণ্ডনৰ এজন অনুৰাগীয়ে তেওঁৰ X একাউণ্টত শ্বেয়াৰ কৰিছে বিৰাট কোহলী-অনুষ্কা শৰ্মাৰ এই ভিডিঅ’টো । ভিডিঅ’টোত বিৰাট কোহলি ইস্কন মন্দিৰলৈ যোৱা দেখা গৈছে আৰু ক্লিপটোত দুয়োজনে ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰিবলৈ কীৰ্তনত অংশগ্ৰহণ কৰাও দেখা গৈছে। ভিডিঅ’টোত অনুষ্কা আৰু বিৰাটে ভগৱান শ্ৰীকৃষ্ণৰ পূজা-অৰ্চনাত ব্যস্ত থকা দেখা গৈছে(Virat Kohli and wife Anushka Sharma visit ISKCON temple in London)।