Local, Vocal, Global

Sensational Incident : চিনাক্ত হোৱা নাই চিকিৎসালয়ৰ মৰ্গত থকা মহিলাৰ মৃতদেহ

নিউজ ডেস্ক,৯জুলাই : চিনাক্ত হোৱা নাই চিকিৎসালয়ৰ মৰ্গত থকা মহিলাৰ মৃতদেহ । দুদিন ধৰি চিকিৎসালয়তে আছে মৃতদেহটো ।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সংঘটি হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ।

জানিব পৰা মতে,৭ জুলাইত ৰাইডঙীয়াৰ ঔতলত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাটোত এখন অচিনাকি বাহনে এগৰাকী অচিনাকি মহিলা পথচাৰীক খুন্দিয়াই থৈ গৈছিল। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল মহিলগৰাকী।আহত মহিলগৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।কিন্তু ক্ৰমাৎ মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ হৈ পৰে।পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হয়(Sensational Incident)।

কিন্তু এই পৰ্যন্ত মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। যাৰ বাবে সমস্যাত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ। আত্মীয় স্বজন তথা সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক চিনাক্তকৰণ কৰি মৃতদেহটো চমজি ল’বলৈ আহ্বান জনাই চিকিৎসালয় কৰ্তৃপক্ষই।

লগতে পঢ়ক : Assam CM Announces Major Recruitment Drives and Examination Dates : তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা