Local, Vocal, Global

Homeopathy College Vice Principal Dies By Suicide : গুৱাহাটী হোমিঅ’পেথিক কলেজৰ উপাধ্যক্ষৰ চিপ লৈ আত্মহত্যা

নিউজ ডেস্ক,৯জুলাই : গুৱাহাটী হোমিঅ’পেথিক কলেজৰ উপাধ্যক্ষৰ চৰম পন্থা। মহাবিদ্যালয়ৰ হোষ্টেলৰ ভিতৰতে চৰম পন্থা বাছি ল’লে উপাধ্যক্ষ ডাঃ নাৰায়ণ দেৱনাথে।

এই পৰ্যন্ত জানিব পৰা হোৱা নাই উপাধ্যক্ষৰ গৰাকীৰ মৃত্যুৰ কাৰণ।

জানিব পৰা মতে, সোমবাৰে নিশা আৱাস গৃহত অকলে আছিল ৫৭ বছৰীয়া দেৱ নাথ। পুৱা প্ৰায় ৬.৪৫ বজাত তেওঁক ডিঙিত চিপ লোৱা অৱস্থাত দেখে সমীপৰ ছাত্ৰী নিবাসৰ ছাত্ৰী সকলে। দণ্ডাধীশৰ উপস্থিতিত নমোৱা হয় মৃতদেহটো(Homeopathy College Vice Principal Dies By Suicide)।

প্ৰাপ্ত তথ্য অনুসৰি, ৫৭ বছৰীয়া দেৱ নাথৰ প্ৰকৃত ঘৰ আছিল লংকাৰ ডবকাত। কিন্তু এবছৰে আৱাসটোত বাস কৰি আছিল পৰিয়ালটো।ইফালে মাটি ক্ৰয় কৰি নগাঁৱত ঘৰ দুৱাৰ বনাইছিল দেৱ নাথে।HOMIOPETHIC MATERIA MEDICA বিভাগৰ অধ্যাপক তথা চিকিৎসক আছিল নাৰায়ন দেৱ নাথ(Homeopathy College Vice Principal Dies By Suicide)।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : ডিফুত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ;গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী