Vegetable Prices Hiked Again: কাণষাৰ নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ
নিউজ ডেস্ক, ৯ জুলাইঃ শাক পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া বিপদত পেলাইছে সাধাৰণ জনতাক । সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে শাক পাচলিৰ দামে । কিন্তু এইক্ষেত্ৰত কাণষাৰ নাই চৰকাৰৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ । (In this case, the government and departmental authorities do not care) ৮০ টকাৰ পৰা ১৬০ টকা পৰ্যন্ত প্ৰতিবিধ শাক পাচলিৰ দাম বৃদ্ধি পাইছে । আলু ,বিলাহী ,পিয়াঁজ,বেঙেনা , কেচা জলকীয়া,লেচেৰা ,পটল,ভেণ্ডি আদিকে ধৰি প্ৰত্যেকবিধ পাচলিৰে মুল্য বৃদ্ধি হোৱাত এতিয়া মুৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ গ্ৰাহকে।
উল্লেখ্য যে, ৰাজ্যখনৰ ভিতৰতে শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত ধিঙৰ এক সুকীয়া স্থান আছে যদিও নাই পাচলি মজুত কৰি ৰাখিব পৰা শীতলীকৰণ ভঁৰাল । ফলস্বৰূপে বৰ্তমান সময়ত ধিঙৰ শাক পাচলি বজাৰৰ অৱস্থা এইয়া । একমাত্ৰ চৰকাৰৰ কৃষক ৰাইজৰ প্ৰতি থকা অৱহেলাৰ বাবেই এনে দুৰ্দশাৰ সন্মুখীন হব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ ।
কৃষক সকলৰ উন্নয়নৰ স্বাৰ্থত যদি চৰকাৰে পৰ্যাপ্ত শীতলীকৰণ ভঁৰালৰ ব্যৱস্থা কৰিলেহেতেন তেতিয়া হয়তো শাক পাচলিৰ ক্ষেত্ৰত এনে অৱস্থাৰ সৃষ্টি নহ’লহেতেন ।