Various areas have been flooded:ভয়ংকৰ বানত কিমান ক্ষতি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ
নিউজ ডেস্ক,৮ জুলাইঃ ভয়াৱহ বানে বৃহৎ ক্ষতি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোগত । তথ্য অনুসৰি ভয়ংকৰ বানত ৬ টা গঁড়কে ধৰি ১৩১টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে প্লাৱিত হৈ আছে ৬৯ টা বন শিবিৰ । (While 131 wild animals, including six rhinos, have been killed in the devastating floods, 69 forest camps are inundated). কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ১০০ টা সুগৰী পহু আৰু দুটা শৰপহু বাঢ়নী পানীত উটি গৈ মৃত্যু হৈছে ।
ইয়াৰোপৰি ১৭ টা সুগৰী পহু, এটা শৰপহু, এটা ৰিছাছ বান্দৰ আৰু এটা উদৰ চিকিৎসা চলি থকাৰ অৱস্থাতে মৃত্যুমুখত পৰে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথ ক্ৰছিঙৰ সময়ত দুৰ্ঘটনাত পতিত হৈ দুটা সুগৰী পহুৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে ।
বানৰ এই ভয়াৱহতাৰ মাজতো উদ্যান কৰ্তৃপক্ষ আৰু বন বিভাগৰ কৰ্মী সকলে বানৰ কৱলৰ পৰা ৯৭ টা বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া খবৰ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৩৩ টা বন শিবিৰৰ ভিতৰত ৬৯ টা বন শিবিৰ এতিয়া প্লাৱিত হৈ আছে ।
ইয়াৰ ভিতৰত কাজিৰঙা ৰেঞ্জত ২২ টা বান শিবিৰ প্লাৱিত হৈ থকাৰ বিপৰীতে বাগৰি ৰেঞ্জত ২০ টা , আগৰতলি ৰেঞ্জত ১৪ টা বন শিবিৰ প্লাৱিত হৈ আছে ।
ইয়াৰ লগতে বানৰ ভয়াৱহতাৰ বাবে চাৰিটা বন শিবিৰ খালী কৰা হৈছে।কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বাহিৰেও ৰাজ্যৰ বানত এতিয়ালৈকে ৬৬ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ লগতে ৰাজ্যখনৰ ২৮ খন জিলাৰ ২৭.৭৪ লাখৰো অধিক লোক এতিয়াও বানত ক্ষতিগ্ৰস্ত হৈছে । (More than 27.74 lakh people in 28 districts of the state are still affected by the floods). এনডিআৰএফ, এছডিআৰএফ আৰু স্থানীয় প্ৰশাসনৰ উদ্ধাৰকাৰী দলসমূহে বানপানীৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
লগতে পঢ়কঃ An open drain in death trap: মৰণফান্দৰ ৰূপত গুৱাহটীৰ উন্মুক্ত নলানিউজ ডেস্ক,৮ জুলাইঃ