An open drain in death trap: মৰণফান্দৰ ৰূপত গুৱাহটীৰ উন্মুক্ত নলা
নিউজ ডেস্ক,৮ জুলাইঃ GMC ৰ কাণ্ডজ্ঞানহীনতাৰ বাবে বিপদৰ আশংকাত মহানগৰবাসী। বৰষুণ আহিলেই যিকোনো মূহূৰ্ততে হ’ব পাৰে ভয়ংকৰ বিপদ। নাই বেৰিকেড,নাই কোনো সাংকেতিক চিহ্ন। মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিল নলা সমূহ পুনৰ মেৰামতি কৰাৰ বাবে।কথাৰ মূল্য যেন এতিয়া সীমাবদ্ধ,আৰু তাতেই সকলো বিলাক ৰৈ গ’ল। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো গা নলৰিল জিলা আয়ুক্ত সকলৰ।
২০২৩ চনত উন্মুক্ত নলাৰ বাবে দুগৰাকী ছাত্ৰই প্ৰাণ দিৱ লগীয়া হোৱাৰ(In 2023, two students had to sacrifice their lives due to the open drain). এবছৰ পাছতে পাহাৰৰ পৰা নামি অহা পানীৰ ধলত জ্যোতিনগৰৰ উন্মুক্ত নলাত পৰি মৃত্যুক সাবতিব লগীয়া হৈছিল কণমাণি অবিনাস সৰকাৰে। ইয়াৰ লগে লগে অন্ত পৰিল এটা উঠি অহা সপোনৰ। তথাকথিত স্মাৰ্ট চিটিৰ প্ৰকৃত স্বৰূপ উদঙাই কৃত্ৰিম বান,উন্মোক্ত নলাই আৰু আৰু এগৰাকী কণমানিৰ প্ৰাণ লোৱাটো নিশ্চিত হ’ল।
এতিয়া প্ৰশ্ন উঠিছে এই বাৰিষাত কিমান জন অবিনাশ ক হেৰুৱাব লগীয়া হ’ব,কিমান গৰাকী পিতৃ-মাতৃৰ বুকু এনেকৈ শুদা হ’ব। এনে ঘটনা পুনৰ সংঘটিত হ’লেহে গা লৰিব নেকি প্ৰশাসনৰ।(Will the administration take a dig only if such an incident happens again)?এতিয়া যেন সঁচাকৈয়ে মৰণ ৰূপত গুৱাহাটীৰ উন্মুক্ত নলা সমূহ। এতিয়া সকলোৰে এটাই আহ্বান পথৰ কাষৰ উন্মোক্ত নলা ঢাকি দিয়াৰ ব্যৱস্থা কৰি সকলোৰে জীৱনবোৰক সুৰক্ষিত কৰক। অবিনাশৰ মৃত্যুৱে এনেধৰণৰ শেষ মৃত্যু হয়, তাৰ ব্যৱস্থা চৰকাৰে কৰিবলৈ সকলোৰে আহ্বান।
লগতে পঢ়কঃ Jagannath’s rath yatra begins:জগন্নাথৰ ৰথ যাত্ৰাত লাখ লাখ ভক্তৰ অংশগ্ৰহণ