Local, Vocal, Global

100 year old temple in Rangia : এটি তিনিশ বছৰীয়া মন্দিৰ; যি মন্দিৰৰ আছে অনেক মহত্ব

ৰঙিয়া,৪জুলাই : অসমৰ প্ৰায় তিনিশ বছৰ পুৰণি এটি মন্দিৰ। যি মন্দিৰৰ আছে মহত্ব অনেক। বহু বছৰ পূৰ্বে এই ঠাইখিনিত শিল ভাঙি উৎপত্তি হৈছিল শিৱ,পাৰ্বতী, গণেশ আৰু কাৰ্ত্তিকৰ শিলামূৰ্তি।

সেই সময়ছোৱাৰ পিছতেই উক্তস্থানত স্থাপন কৰা হৈছিল হৰগৌৰী নামৰ এই মন্দিৰটি। কামৰূপ জিলাৰ বৰবৈ চকৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত অৱস্থিত এই হৰগৌৰী মন্দিৰ।

প্ৰতিদিনেই অসমৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তৰ সমাগম ঘটে এই হৰগৌৰী মন্দিৰলৈ। লোক বিশ্বাস অনুসৰি যি সকল ভক্তই নিজৰ বাঞ্চা পূৰণাৰ্থে এই মন্দিৰ দৰ্শন কৰিছে সেই সকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হৈ আহিছে৷ এই মন্দিৰভাগৰ মহত্বৰ কথা শুনিলে আচৰিত হব আপুনিও(100 year old temple in Rangia)।

জানিব পৰা মতে, যদিহে কোনো ভক্তই ভুলঃবশত মন্দিৰৰ গছৰ পাত তথা মন্দিৰৰ কোনো বয়বস্তু এটিও নিবলৈ চেষ্টা কৰে তেন্তে সেইজন ভক্তক বাবাই ৰাতি সপোনত হুবহু দেখা দিয়ে।

লগতে পঢ়ক : Hemant Soren takes oath as Jharkhand CM for third time : পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হেমন্ত ছোৰেনে