Local, Vocal, Global

Two children die of Electrocution in Bogibil : বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ গ’ল দুই শিশুৰ

নিউজ ডেস্ক,৪জুলাই : বগীবিলত অঘটন । বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ গ’ল দুই শিশুৰ।

বগীবিলত অকাল মৃত্যুক আঁকোৱালি লয় দুই শিশুৱে ।মৃত্যু হোৱা শিশু দুটি বগীবিল ধনেখনাৰ শক্তিবান বৰা আৰু সুবন্তি বৰাৰ পুত্ৰ ক্ৰমে দিগন্ত বৰা আৰু ৰূপম বৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ভাতৃদ্বয়ে ধনেখনা প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত অধ্যয়ন কৰিছিল(Two children die of Electrocution in Bogibil) ।

এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে পৰিয়ালটোত। বৰ্তমান মৃত শিশু দুটিক অসম চিকিৎস্যা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Drugs Peddler Arrested in Hajo : একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক