Local, Vocal, Global

Two AGP MPs sign memorandum to Railway Minister : ফণীভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱক স্মাৰকপত্ৰ দাখিল কৰে

নিউজ ডেস্ক,৪জুলাই : আজি অসম গণ পৰিষদৰ লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ বৈষ্ণৱক সাক্ষাৎ কৰে আৰু এখন স্মাৰকপত্ৰ দাখিল কৰে।
যোগীঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁৱলৈ নতুন ৰে’ল লাইন স্থাপনৰ দাবীৰে ৰে’লমন্ত্ৰীক স্মাৰকপত্ৰ অগপৰ দুই সাংসদৰ(Two AGP MPs sign memorandum to Railway Minister) ৷

জানিব পৰা মতে, অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই স্মাৰক পত্ৰখন দিয়ে সাংসদদ্বয়ে।

স্মাৰকপত্ৰখনৰ এটা প্ৰাথমিক দাবী হ’ল- যোগীঘোপাৰ পৰা বৰপেটা টাউন আৰু হাজো হৈ আমিনগাঁৱলৈ এটা নতুন ৰে’ল লাইন স্থাপন কৰা। এই প্ৰস্তাৱিত ৰে’ল লাইনৰ লক্ষ্য হৈছে পৰিবহণ আন্তঃগাঁথনি উন্নত কৰি অসমত যাতায়ত ব্যৱস্থাৰ উত্তৰণ ঘটোৱা আৰু অৰ্থনৈতিক বিকাশ তৰান্বিত কৰা।

স্মাৰকপত্ৰখন গ্ৰহণ কৰি অশ্বিনী কুমাৰ বৈষ্ণৱে দীৰ্ঘদিন ধৰি প্ৰতীক্ষিত এই প্ৰকল্পটো শীঘ্ৰেই আৰম্ভ হ’ব আৰু ইয়াৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

লগতে পঢ়ক : BJP veteran LK Advani hospitalised again : পুনৰ অসুস্থ ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি