Local, Vocal, Global

Assam Man Goes Missing In Kerala : বহিঃৰাজ্যলৈ যোৱাৰ পথত সন্ধানহীন চিচিবৰগাঁৱৰ অতুল দেউৰী

নিউজ ডেস্ক,২জুলাই : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Man Goes Missing In Kerala)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Man Goes Missing In Kerala) ।

কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱাৰ পথত নিৰুদ্দেশ চিচিবৰগাঁৱৰ ধুনাগুৰি দেউৰী গাঁৱৰ এজন ব্যক্তি ।

জানিব পৰা মতে, যোৱা ২৬ জুনত নিজ ঘৰৰ পৰা অতুল দেউৰী নামৰ ব্যক্তিগৰাকী একেখন গাঁৱৰে এগৰাকী বন্ধুৰ সৈতে কেৰালালৈ বুলি কৰ্মসংস্থাপনৰ বাবে ওলাই যায় । কিন্তু ৩০ জুনত হঠাৎ বিশাখাপট্টনম ৰে’লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈ পৰে । এই ঘটনাৰ পিচতে ব্যক্তিজনৰ লগত যোৱা যুৱকজনে পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।

লগত যোৱা যুৱকজনে পৰিয়ালক সদৰী কৰা অনুসৰি নিৰুদ্দিষ্ট অতুল দেউৰীয়ে ৰে’লৰ ভিতৰত আন এগৰাকী যাত্ৰীৰ সৈতে বহিঃৰাজ্যত তৰ্ক বিতৰ্কত লিপ্ত হৈছিল । এই ঘটনাৰ পিচতে যুৱকজন হঠাৎ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালক অৱগত কৰে লগত যোৱা ব্যক্তিজনে ।

ইফালে ঘটনাৰ খবৰ পোৱাৰ পিচতে দুৰ্ভগীয়া পৰিয়ালটো কান্দোনত ভাগি পৰি আৰক্ষীৰ কাষ চাপিছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে ।

গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অতুল দেউৰীক বিচাৰি উলিয়াই দিবলৈ কাতৰ আহ্বান জনোৱাৰ উপৰিও কোনো সদাশয় ব্যক্তিয়ে যদি নিৰুদ্দিষ্ট ব্যক্তিজনক দেখা পাই তেন্তে ওচৰৰ আৰক্ষী থানা অথবা ৯৬৭৮০৮২৭০৪/৭৮৯৬৯৬২১৬৪ নম্বৰত যোগাযোগ কৰি সন্ধান দিবলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক : Assam flood situation worsens : দৰং জিলাৰ মঙলদৈত পানীৰ কোবাল সোঁতত উটি গ’ল এখন ট্ৰেক্টৰ