প্ৰায় ২ ঘন্টা ধৰি পানীৰ মাজত আবদ্ধ MV LINGIRI Assam 2506 নামৰ জাহাজ খন

ধুবুৰী,২জুলাই : ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত অঘটন। ভৰা লুইতৰ বুকুত প্ৰায় দুঘন্টা ধৰি আবদ্ধ হৈ ৰ’ল MV LINGIRI Assam 2506 নামৰ জাহাজ খন। জাহাজখনত পুৰুষ, মহিলা, শিশু, বৃদ্ধকে ধৰি আছিল প্ৰায় তিনি শতাধিক যাত্ৰী। স্থানীয় নাওৱেৰে উদ্ধাৰ কৰা হয় প্ৰায় ১৫০ যাত্ৰীক। বহু প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰা হয় যাত্ৰী সকল।
পুৱা ৮ বজাত দক্ষিণ শালমাৰা বুঢ়া-বুঢ়ী ঘাটৰ পৰা যাত্ৰা কৰিছিল জাহাজখন দিনৰ ১২.৩০মিনিটত যাত্ৰীসহ ধুবুৰী ফেৰীঘাটত উপস্থিত হয়। জাহাজখনৰ চালকৰ ভুলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে জাহাজখনত থকা যাত্ৰীসকলে।