Local, Vocal, Global

Silapathar Flood Situation Grim : ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলালে চিলাপথাৰৰ বিস্তীৰ্ণ অঞ্চল!

চিলাপথাৰ,২জুলাই : নেৰা নেপাৰা বৰষযুনৰ ফলত ফে‍নে ফুটোকাৰে বৈ অহা ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে চিলাপথাৰৰ বিস্তীৰ্ণ নৈপৰীয়া অঞ্চল। জোনাই সমষ্টিৰ নামনি অংকত চেঙাজান, মুক্তিয়াৰ, দেউৰীঘাট, সোনাৰিঘাট, নামনি চিচি টঙানিৰ জঙ্গলি অফিচ,কঠালগুৰি,জাতীয়া চাপৰি,ৰাংকপ চাপৰি, ৰামৰাজ্য চাপৰি, মৰাণ চাপৰি আদি তিনিকুৰি গাঁৱৰ ওখ ওখ মিচিং চাংঘৰসমূহ সম্পূৰ্ণৰূপে বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত(Silapathar Flood Situation Grim )।

বানত নিজৰ ঘৰ-বাৰী, বয়-বস্তু, ধান-ভৰাল আদি সকলো হেৰুৱাই মূৰে-কঁপালে হাত দিছে বানাক্ৰান্তই। আপোন ঘৰখন এৰি সকলোৱে নিজৰ পোহনীয়া জীৱ জন্তুসমূহ লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্তই। পশু চিকিৎসা বিভাগেও পোহনীয়া জীৱ জন্তু লৈ নিৰাপদ স্থানত আশ্ৰয় লৈছে৷

ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা প্ৰায় ২৫ হাজাৰ পোহনীয়া জীৱজন্তু ১৫ খনকৈ ফেৰি লৈ দুদিন ধৰি উদ্ধাৰ কৰাত ব্যস্ত অকাজান পশু চিকিৎসা বিভাগ৷ বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা গৰু ছাগলী সমূহক পশুধন খাদ্য যোগান ধৰিবলৈ স্হানীয় বিধায়ক থকা জিলা প্ৰশাসনক আহ্বান জনাইছে বন্যাৰ্তৰ লগতে পশু চিকিতসা বিভাগে।

লগতে পঢ়ক : Tezpur Flood Situation Grim : তেজপুৰৰ ভিন্ন প্ৰান্তত ভয়াৱহ বান পৰিস্থিতি