Local, Vocal, Global

Hatimura embankment break down high flood alert to middle assam : ভাঙিল নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা মথাউৰি

নিউজ ডেস্ক,২জুলাই : ক্রমাৎ ভয়াৱহ হৈ পৰিছে নগাঁও-কলিয়াবৰ বান পৰিস্থিতি। ভাঙিল নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা মথাউৰি। শ্লুইচ গেটৰ কাষতে ভাঙিল মথাউৰিৰ এটা অংশ।হাতীমূৰা মথাউৰি ভাঙি কলঙেৰে প্ৰবাহিত পানী।কলঙলৈ হোৰা-হোৰে বৈছে পানী(Hatimura embankment break down high flood alert to middle assam)।

উল্লেখ্য যে, ছবছৰৰ পূৰ্বে বিগত ২০১৭ চনৰ ১২ আগষ্টৰ নিশা ভাগিছিল হাতীমূৰাৰ মথাউৰি। মথাউৰি ভাঙি তেতিয়াও মধ্য অসমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। যোৱা দুদিন পূৰ্বে মথাউৰিত মেলিছিল ফাঁট। দুদিন ধৰি চিপচিপকৈ নিগৰি আছিল পানী। এতিয়া কলিয়াবৰৰ লগতে সমগ্ৰ মধ্য অসমতে জলপ্ৰলয়ৰ আশংকা কৰা হৈছে।

লগতে পঢ়ক : Water level of Brahmaputra above danger level in Jorhat : যোৰহাটৰ নিমাতীত অতি বিপজ্জনকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ