Local, Vocal, Global

Flood situation worsens in Bokakhat : বোকাখাতত বানৰ সংহাৰী ৰূপ;বানৰ মাজত আবদ্ধ ৩গৰাকীকৈ প্ৰসূতি

বোকাখাত.১জুলাই : বোকাখাতত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। বংকুৱাল নৈৰ মথাউৰি ছিগি বানে লৈছে ভয়াৱহ ৰূপ। মথাউৰি চিগি যোৱাৰ ফলত অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বংকুৱাল, ভেলৌগুৰি, অফলা, দেৱীথান অঞ্চলত।

সোমবাৰে পুৱতি নিশা নেঘেৰিটিং বংকুৱাল সংযোগী মথাউৰি চিগি যোৱাৰ ফলত মুহূৰ্ততে বানত প্লাবিত হৈ পৰে অঞ্চলটোৰ ভঁৰাল, বাৰী ঘৰ আদি। বোকাখাতৰ লহৰে চাপৰিত বানৰ সংহাৰৰ মাজত আৱদ্ধ হৈ পৰে ৩ গৰাকীকৈ প্ৰসূতি।

পানীৰ মাজত আৱদ্ধ হৈ আছে চাপৰি সমূহৰ পশুধন। লহৰে চাপৰিত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। বানাক্ৰান্তক উদ্ধাৰৰ বাবে বানপীড়ীত অঞ্চলটোত NDRF আৰু SDRF বাহিনীৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান(Flood situation worsens in Bokakhat)।

লগতে পঢ়ক : Experiencing erosion from Brahmaputra river : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ!