Man Drowned in Flood Waters in Tinsukia : ডুমডুমা নৈৰ জানত পৰি সন্ধানহীন এজন লোক

নিউজ ডেস্ক,১জুলাই : বিগত কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠিছে ৰাজ্যৰ প্ৰতিখন নৈ উপনৈ।ঠায়ে ঠায়ে ছিঙিছে মথাউৰি যাৰ ফলত ভয়ংকৰ ৰূপ লৈছে বানে। তিনিচুকীয়া, বোকাখাত, ওদালগুৰি, শিৱসাগৰ, গহপুৰ, কলাইগাঁও, ডিগবৈ, মাজুলী, কাজিৰঙাত ভয়ংকৰ ৰূপ লৈছে বানে(Man Drowned in Flood Waters in Tinsukia)।
ৰাজ্যৰ দুই পৃথক স্থানত সংঘটিত নিৰুদ্দেশৰ ঘটনা ৷ তিনিচুকীয়া জিলাৰ গাভৰুভেটি নগাঁৱত ডুমডুমা নৈৰ জানত পৰি এজন লোক সন্ধানহীন হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকৰ ৷ সন্ধানহীন লোকজনৰ নাম মোহন যাদৱ ৷
বানৰ মাজতে তিনিচুকীয়াত ভয়ংকৰ ঘটনা। তিনিচুকীয়া জিলাৰ গাভৰুভেটি নগাঁৱত ডুমডুমা নৈৰ জানত পৰি সন্ধানহীন এজন লোক । সন্ধানহীন হোৱা লোকজনৰ নাম মোহন যাদৱ ৷
জানিব পৰা মতে, উক্ত জানটোৰ পাৰতে যাদৱৰ চাইকেল আৰু পোছাক পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । এই লক্ষণ চাই জানৰ পানীত লোকজন পৰি যোৱা বুলি সন্দেহ প্ৰকাশ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে এছ ডি আৰ এফক ৷ জানটোৰ পাৰৰ পথছোৱাৰ দুৰৱস্থাৰ বাবে এনেধৰণৰ অবাঞ্ছিত ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ বৰ্তমানলৈকে উদ্ধাৰকাৰী দলে লাভ কৰা নাই লোকজনৰ সন্ধান ৷
আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ সংগঠনটোৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে উক্ত পথছোৱা মেৰামতি কৰাৰ লগতে এখন দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনক যাতে আগলৈ এনেধৰণৰ ঘটনা সংঘটিত নহয়(Man Drowned in Flood Waters in Tinsukia) ৷