Local, Vocal, Global

Victim’s Wife Among 6 Arrested in Bongaigaon : বঙাইগাঁৱৰৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ নতুন মোৰ;পত্নীসহ ৬জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক,১জুলাই : বঙাইগাঁৱৰৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ নতুন মোৰ । বঙাইগাঁৱৰ ছিপনছিলা পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত পত্নীসহ ৬জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। পত্নীয়ে ছুপাৰী দি হত্যা কৰাইছিল পঞ্চায়ত সচিবজনক(Victim’s Wife Among 6 Arrested in Bongaigaon Gaon Panchayat Secretary Murder)।

পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত দিছপুৰ থানাৰ অন্তৰ্গত বৰবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চাৰিজন অভিযুক্তক। বৰবাৰীত দিন হাজিৰা কৰি থকাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক কেইজনক। গ্ৰেপ্তাৰ কৰা চাৰিওজনৰ ঘৰ গুৱাহাটীৰ আঠ মাইলৰ গাৰোবস্তিত।

পঞ্চায়ত সচিব চন্দকান্ত দাসক পৰিকল্পিতভাবে হত্যা কৰিছিল পত্নী নিলীমা কছাৰী আৰু খুলশালীয়ে বিনীমা বসুমতাৰী আৰু ভতিজাক মনোজ বসুমতাৰীয়ে। চন্দ্ৰকান্ত দাসৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত হত্যা কৰে পত্নীয়ে।

৩লাখ টকাৰ বিনিময়ত পত্নী নিলীমা কছাৰীয়ে হত্যা কৰাইছিল স্বামীক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাগ্ৰা নাৰ্জাৰী, জুনেল দৈমাৰীক, জ্যোতিষ দৈমাৰীক, নুকুল ইশ্বৰীক। গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে প্ৰাক্তন এনডিএফবি ৰ সদস্যও। ইতিমধ্য আৰক্ষীয়ে ঘটনাত ব্যৱহৃত পিষ্টল, সক্ৰিয় গুলী, এন দুচকীয়া বাহন এখন ব’লেৰ বাহন জব্দ কৰিছে।

উল্লেখযোগ্য যে ২৬ জুনৰ আবেলি প্ৰায় ২.৪৫ বজাত বঙাইগাঁৱৰ ছিপছিলাৰ কাহিডোবাত হত্যা কৰা হৈছিল চন্দ্ৰকান্ত দাসক। শূন্য দূৰত্বৰ পৰা ২ বাইক আৰোহীয়ে গুলীয়াই হত্যা কৰইছিল দাসক। সূত্ৰৰ খবৰ অনুসৰি চন্দ্ৰকান্ত দাসৰ পত্নীয়ে ৩ লাখ টকাৰ ছুপাৰী দি হত্যা কৰিছিল স্বামীক(Victim’s Wife Among 6 Arrested in Bongaigaon)।

লগতে পঢ়ক : IMD issues alert for several districts in Assam : ৰাজ্যৰ বিভিন্ন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট