T20 World Cup 2024: শক্তিশালী দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি বিশ্বকাপ জিনিলে ভাৰতে;বিশ্বজয়ৰ পাছতে আন্তঃৰাষ্ট্ৰীয় T-20 ৰ পৰা অৱসৰ ঘোষণা ৰোহিত-বিৰাটৰ

স্পৰ্ট ডেস্ক,৩০জুন : সুদীৰ্ঘ ১৩ বছৰৰ অন্তত টি-২০ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ। দক্ষিণ আফ্ৰিকাক হৰুওৱাই টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতে। ৰোমাঞ্চকৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭ ৰাণত জয়ী টীম ইণ্ডিয়া। অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত ১৩ বছৰীয়া ICC ট্ৰফীৰ অপেক্ষাৰ অন্ত পৰিল ভাৰতৰ।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক বান্ধি দিছিল ১৭৭ ৰাণৰ লক্ষ্য। এই লক্ষ্যৰ পিছা কৰি দক্ষিণ আফ্ৰিকাৰ দলটোৱে সংগ্ৰহ কৰে ১৬৯ ৰাণ।
প্ৰথমে বেটিং কৰি প্ৰথম অ’ভাৰতে বিস্ফোৰক আৰম্ভণি দিয়ে কিং কোহলীয়ে। কিন্তু দ্বিতীয় অ’ভাৰত ভাৰতে হেৰুওৱাই অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট। ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে বিৰাট কোহলীয়ে। ৫৯ টা বলত ৭৬ ৰাণ সংগ্ৰহ কৰে বিৰাটে।
ইফালে সুন্দৰ বেটিং কৰি ৩১ টা বলত ৪৭ ৰাণ সংগ্ৰহ কৰে অক্সৰ পেটেল। ১৭৭ৰাণৰ পিছা কৰি খেলপথাৰত নমা দক্ষিণ আফ্ৰিকা দলটোৰ অপেনাৰ আৰ হেনড্ৰিকে ৫ টা বলত ৪ ৰাণ কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে অধিনায়ক এ মাৰ্কৰামো ৫ টা বলত ৪ ৰাণ সংগ্ৰহ কৰিয়েই আউট হয়। দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে এইচ কালচেনে। ২৭ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈগৰাকীয়ে।
দ্বিতীয় ইনিংছৰ প্ৰথম ১৫ অ’ভাৰত দক্ষিণ আফ্ৰিকাই দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱাবলৈ সক্ষম হৈছিল যদিও হাৰ্দিক পাণ্ডিয়া, জশপ্ৰীট বুমৰাহ আৰু অৰ্শ্বদ্বীপৰ দুৰ্দান্ত বলিঙত ছন্দ পতন ঘটিল দক্ষিণ আফ্ৰিকাৰ।
ভাৰতৰ বলিং বিক্ৰমৰ সন্মুখত ১৬৯ ৰাণতে স্তিমিত দক্ষিণ আফ্ৰিকা বাহিনী। ভাৰতৰ হৈ অশ্বদ্বীপ সিঙে ২ টা, বুমৰাহে ২ টা, হাৰ্দিক পাণ্ডিয়াই ৩টা আৰু এ আৰ পেটেলে দখল কৰে ১টা উইকেট।
উল্লেখ্য যে টি-২০ বিশ্বকাপ জয়ৰ লগতে ভাৰতীয় দলটোৱে গঢ়িলে আন কেইবাটাও অভিলেখ। ইয়াৰ পূৰ্বে টি-২০ বিশ্বকাপত কোনো দলে অপৰাজিতভাৱে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাছিল।
বিশ্বজয়ৰ লগে লগে এই অভিলেখ গঢ়াৰ প্ৰথমটো দল ৰূপে পৰিণত হ’ল টীম ইণ্ডিয়া। গ্ৰুপ পৰ্যায়ৰ পৰা ফাইনেললৈ ভাৰতে এখনো মেচত পৰাস্ত হোৱা নাছিল। গ্ৰুপ পৰ্যায়ত ভাৰতে আয়াৰলেণ্ড, পাকিস্তান, আমেৰিকাক পৰাস্ত কৰিছিল। বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল ভাৰত আৰু কানাডাৰ মেচ। ছুপাৰ এইটত ভাৰতে পৰাস্ত কৰিছিল আফগানিস্তান, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াক। আনফালে ছেমি ফাইনেলত ভাৰতে ধৰাশায়ী কৰিছিল ইংলেণ্ডক আৰু ফাইনেলত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাক।
20 বিশ্বকাপ ফাইনেলৰ ৰোমাঞ্চকৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭ ৰানত টীম ইণ্ডিয়া জয়ী হোৱাৰ পাছতে দেশজুৰি ক্ৰীড়া অনুৰাগীৰ হৰ্ষোল্লাস। জয়লাভৰ পাছতে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো টীম ইণ্ডিয়াৰ অনুৰাগীৰ মাজতো দেখিবলৈ পোৱা গল ব্যাপক উছাহ।
নিশা ৰাজ্যৰ ৰাজপথে ৰাজপথে আতজবাজী ফুটাই, গীত-নৃত্যৰে হৰ্ষোল্লাস ক্ৰীড়া অনুৰাগীৰ। ভাৰতীয় দলটোৱে এই বিশ্বজয় অৰ্জন কৰাৰ পাছতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে শুভেচ্ছা জ্ঞাপন কৰে দলটোৰ প্ৰতিগৰাকী খেলুৱৈক।
বিশ্বজয়ৰ পাছতে টীম ইণ্ডিয়াক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন সমগ্ৰ দেশবাসীৰ। T20 বিশ্বকাপ জয়ৰ আনন্দ উল্লাহৰ মাজতে দুখত ভাগি পৰিছে বহু ক্ৰিকেট অনুৰাগী। কিয়নো বিশ্বজয়ৰ পাছতেই T20 ৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা বিৰাট কোহলি আৰু হিটমেন ৰোহিত শৰ্মাৰ। নতুন প্ৰজন্মক সুযোগ দিয়াৰ কথা কৈ আন্তঃৰাষ্ট্ৰীয় T-20 ৰ পৰা বিদায় ল’লে দুই তাৰকা ক্ৰিকেটাৰে। বিশ্বকাপৰ পাছতে প্ৰশিক্ষকৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ মিষ্টাৰ ডিপেণ্ডেবল ৰাহুল দ্ৰাবিড়ৰ।