Local, Vocal, Global

চিৰাঙত এগৰাকী শিক্ষয়িত্ৰীৰ মইমতালিত অতিষ্ঠ ৰাইজ!

চিৰাং.৩০জুন : চিৰাঙত এগৰাকী শিক্ষয়িত্ৰীৰ মইমতালিত অতিষ্ঠ ৰাইজ!পৰীক্ষাৰ মাজতে নিজৰ দায়িত্ব সামৰি বিদ্যালয় এৰি ঘৰমূৱা শিক্ষয়িত্ৰী । শিক্ষয়িত্ৰী মেহেৰুন নেছাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ।

চিৰাঙত এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ মইমতালিৰে শিক্ষা দানৰ পৰা আঁতৰি থকাৰ অভিযোগ একাংশ অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বিদ্যালয় খনৰে প্ৰধান শিক্ষকৰ। শিক্ষয়িত্ৰী গৰাকীৰ নাম মেহেৰুন নেছা।

জানিব পৰা মতে শনিবাৰে পৰীক্ষা চলি থকাৰ সময়তে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি দিনৰ ১১ বজাৰ আগতে বিদ্যালয়ৰ পৰা ওলাই যায় শিক্ষয়িত্ৰী মেহেৰুন নেছা। জিলাখনৰ চিদলী শিক্ষাখণ্ডৰ অন্তৰ্গত ৩৬ নং ঢালিগাঁৱৰ এম মণ্ডল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী এইগৰাকী মেহেৰুন নেছা।

একাংশ অভিভাৱকৰ অভিযোগ মানসিক ভাবে বিকাৰগ্ৰস্ত এই শিক্ষয়িত্ৰী মেহেৰুন নেছা। অভিযোগ মতে বিদ্যালয়ৰ পাঠদানৰ পৰা নিজৰ ইচ্ছা অনুসৰি বিৰত থাকে এই গৰাকী মেহেৰুন নেছা। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত শিক্ষয়ত্ৰীগৰাকীৰ কৰ্মকাণ্ডৰ কথা ৰাজহুৱা কৰিব বুলি বিদ্যালয় খনৰ প্ৰধান শিক্ষকে সদৰি কৰাত সংবাদ মাধ্যমে কি কৰিব বুলিও দম্ভালি মৰাৰ অভিযোগ মেহেৰুন নেছাৰ বিৰুদ্ধে।

এতিয়া প্ৰশ্ন হয় যি সময়ত চিৰাং জিলাই সমগ্ৰ ৰাজ্যৰ ভিতৰতে শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত লৈ হেতালি খেলা এই গৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে শিক্ষা বিভাগে গ্ৰহণ কৰিব নে কিবা ব্যবস্থা। সেয়া সময়ত হ’ব লক্ষ্যণীয়।

লগতে পঢ়ক : poor condition of road : বোকাখাতৰ এটা অতি বিপদজনক অবহেলিত পথ