Nine detained in Gauhati University marksheet scam : GUৰ মাৰ্কশ্বীট কেলেংকাৰিত জড়িত পুনৰ এজনক গ্ৰেপ্তাৰ
নিউজ ডেস্ক,৩০জুন : অব্যাহত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহৎ মাৰ্কশ্বীট কেলেংকাৰীক লৈ আৰক্ষী আৰু CIDৰ তদন্ত ৷ শনিবাৰে ৮ অভিযুক্তক গ্ৰেপ্তাৰৰ পিচত আজি আৰক্ষীৰ জালত পৰিছে আন এটা অভিযুক্ত ৷ ধৃত অভিযুক্তটোৰ নাম জাভেদ আখতাৰ ৷ দৰং জিলাৰ দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ জাভেদ আখতাৰক ৷
এই পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰে জড়িত ৯ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীআৰু CID ৰ অভিযানকাৰী দলে৷ শনিবাৰে গ্ৰেপ্তাৰ কৰা জাভেদ আখতাৰক নিশাই লৈ অহা হৈছে বৰপেটালৈ ৷ বৰপেটাৰ হাউলী থানাত ধৃত জাভেদ আখতাৰক জেৰা অব্যাহত আছে(Nine detained in Gauhati University marksheet scam) ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত বৰপেটাত গুৰুত্বপুৰ্ণ মন্তব্য কৰে।গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীটৰ কম্পিটাৰাইজড্ চিষ্টেম চলোৱাৰ দায়িত্বত থকাসকলে ধন লৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ নম্বৰ বঢ়াই দিয়াৰ চাঞ্চল্যকৰ ঘটনাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীটৰ কেলেংকাৰীটো অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে অনুসন্ধান চলাই থকা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু নিৰ্দেশত বৰপেটা আৰক্ষীয়ে অতি তৎপৰতাৰে ঘটনাটোৰ তদন্ত চলাই ৮ গৰাকী অভিযুক্তক আটক কৰে।
ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ত নম্বৰ আপলোড কৰা কামৰ সৈতে জড়িত মুল অভিযুক্ত বিহাৰৰ কৃষ্ণানন কৃষ্ণমূৰ্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ কৃষ্ণানন কৃষ্ণমূৰ্তিৰ উপৰিও বৰপেটাৰ কলগাছিয়াৰ ইছমাইল হুছেইন, কলগাছিয়া আমগুৰিৰ আলোমগীৰ খান, কলগাছিয়া বৰদঙা গাৱৰ মইনুল হক, নগাওঁ জিলাৰ হামেজ উদ্দিন, বৰপেটাৰ লাংলা মহাবিদ্যালয়ৰ, লাইব্ৰেৰীয়ান অমিনুল ইছলাম আৰু লাংলা গাৱৰে আবুল বাচেৰৰ লগতে ধুবুৰী আইন মহাবিদ্যালয়ৰ কৰ্মচাৰী শিৱতোষ মাহাতোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে(Nine detained in Gauhati University marksheet scam) ৷