এটি জৰাজীৰ্ণ ঘৰ;ঘৰটোত আছে স্বদেশ স্বজাতিক দেশবাসীৰ সমূখত তুলি ধৰিব পৰা এটি সম্ভাৱনা
বোকাখাত,২৯জুন : এটি জৰাজীৰ্ণ ঘৰ। ঘৰটোত আছে স্বদেশ স্বজাতিক দেশবাসীৰ সমুখত তুলি ধৰিব পৰা এটি সম্ভাৱনা। ঘৰটোৰ ভিতৰত আছে এখন বিছনা। এটা সৰু কোঠা। তাতেই পঢ়া টেবুল, তাতেই ৰান্ধনী শাল। ভগা ঘৰটোৰ ওপৰত দেখি থকা আকাশ খনেই যেন চাল। আকাশে বৰষিলে ভিতৰত আঠুৱনী পানী হয়। ৰ’দত, এই প্ৰচণ্ড গৰমৰ বেলিটো যেন গোটে সোমাই আহে ভিতৰলৈ। আমাৰ এই ব্যাখ্যাত তিলমানো আসোঁৱাহ নাই। দৃশ্য চালেই দেখিব সত্যতা।
এয়া বোকাখাতৰ বিহৰা চাহ বাগিচাৰ ৪ নম্বৰ লাইনৰ বিভীষন তাঁতী নামৰ লোকজনৰ ঘৰৰ। বিভীষন তাঁতীৰ পত্নী ফুলন তাঁতী।
ইয়াতেই লুকাই আছে আমি উল্লেখ কৰা সম্ভাৱনা আচিমা তাঁতী। আচিমা তাঁতী বিহৰা মডেল হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী। সৰুৰে পৰাই খেলত ৰাপ আচিমাৰ। ফুটবল খেলত ৰাপ থকা আচিমা বৰ্তমান গুৱাহাটীৰ ছাই একাডেমীত প্ৰশিক্ষণৰত। সকলো সচেতন ব্যক্তিৰ অজ্ঞাতেই ইতিপূৰ্বে অসম মহিলা ফুটবল দলৰ হৈ ঝাৰখণ্ডত যোৱা ১২ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ অনুষ্ঠিত পঞ্চম নেচনেল ৰুৰেল ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল আচিমাই।
তাৰ পূৰ্বে গোলাঘাট আৰু গুৱাহাটীতো ফুটবল খেলি গৌৰৱ কঢ়িয়াই আনিবলৈ হৈছে আচিমা। ছাই একাডেমীত অনুশীলন কৰি থকা আচিমাই নিজৰ জড়াজীৰ্ণ ঘৰ খন দেখি হতাশাত ভোগে। গাহৰি কাটি বিক্ৰি কৰা পিতৃ আৰু বাগিছাৰ অংশকালিন শ্ৰমিক মাতৃৰ উপাৰ্জনেৰে নচলে ঘৰখন। বাহিৰত খেলিবলৈ যাওঁতে, ঘৰখনৰ ছবি চকুলৈ আহিলেই হতাশাই আবৰি ধৰে চৈধ বছৰীয়া অপাৰ সম্ভাৱনাৰ আকৰ আচিমা তাঁতীক।
শামুকৰ পেটৰ মুকুতাহেন আচিমাৰ এই যাত্ৰাত প্ৰত্যক্ষ সহায় আগ বঢ়াবনে চৰকাৰে। বিশেষ অগ্ৰাধিকাৰ ভিত্তিত আচিমাৰ ঘৰখন সাজি দিবলৈ ব্যৱস্থা ল’বনে বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই ?
লগতে পঢ়ক : দৰিদ্ৰতাক নেওচি উজলিল কহঁৰা গাঁৱৰ নিৰ্জলা গণক