UGC NET New Exam Date 2024: NTA-য়ে ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন তাৰিখ

নিউজ ডেস্ক,২৯জুন : NTA (National Testing Agency) য়ে ঘোষণা কৰিলে UGC-NET পৰীক্ষাৰ নতুন তাৰিখ(UGC NET New Exam Date 2024)।
NTAয়ে জনোৱা অনুসৰি , চলিত বৰ্ষৰ ২১ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব পৰীক্ষা।
উল্লেখ্য যে, যোৱা ১৮ জুনত NTAয়ে দুটা ভাগত UGC-NET পৰীক্ষা অনুষ্ঠিত কৰে। কিন্তু পৰীক্ষাত অনিয়মৰ অভিযোগৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছদিনাই পৰীক্ষা বাতিল কৰে। প্ৰায় ৯ লাখ পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
বিগত সময়ত কম্পিউটাৰৰ মাধ্যমত অনলাইনত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কিন্তু শেহতীয়াকৈ ১৮ জুনত অনুষ্ঠিত হোৱা পৰীক্ষাটো বহী-কাগজত OMRৰ জৰিয়তে অনুষ্ঠিত হৈছিল। পুনৰ নতুন অধিসূচনা অনুসৰি আকৌ UGC-NET পৰীক্ষা Computer Based Exam অৰ্থাৎ CBTৰ জৰিয়তে অনুষ্ঠিত হ’ব।
ইয়াৰ উপৰিও NTAৰ অধিসূচনাত জনোৱা অনুসৰি অহা ১০ জুলাইত NCET 2024 পৰীক্ষা (NCET 2024) অনুষ্ঠিত হ’ব। আনহাতে CSIR UGC NET পৰীক্ষা অহা ২৫ জুলাইৰ পৰা ২৭ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব( NTA announces new dates for June session) ।
লগতে পঢ়ক : Death body found in Barhampur : জলাহত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ