Local, Vocal, Global

Death body found in Barhampur : জলাহত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

নিউজ ডেস্ক,২৯জুন : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ, ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে(Death body found in Barhampur)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

এইবাৰ নগাঁৱত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ । শনিবাৰে পুৱাই নগাঁৱৰ বঢ়মপুৰৰ বামুনী-ধনতোলা জলাহত উদ্ধাৰ কৰা হয় অৰ্ধগলিত মৃতদেহ।

জানিব পৰা মতে, স্থানীয় ৰাইজে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত পুৰণিগুদাম আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয়। পাছত মৃতদেহটো সমীপৰে বৰবাৰি-কছাৰীগাওঁৰ নবীন বসুমতাৰীৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিতিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ(Death body found in Barhampur)।

লগতে পঢ়ক : Eight Arrested In Gauhati University Marksheet Scam : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰীৰে জড়িত ৮ অভিযুক্তক