Miscreants attack police in Jorhat, one arrested : যোৰহাটৰ পুলিবৰত আৰক্ষীক আক্ৰমণ কৰা এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ

যোৰহাট,২৯জুন : যোৰহাটৰ পুলিবৰত আৰক্ষীক আক্ৰমণ কৰা এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ ৷ ৰন্টু বৰা নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিছে পুলিবৰ আৰক্ষীয়ে৷
যোৰহাটত সুৰক্ষিত নহয় আৰক্ষী । দিন দুপৰতে আৰক্ষীক প্ৰহাৰ দুৰ্বৃত্তৰ । চমন দিবলৈ যোৱা আৰক্ষীক উপৰ্যোপৰি প্ৰহাৰ দুৰ্বৃত্তৰ । যোৰহাটৰ মালৌখাত অঞ্চলত সংঘটিত হৈছিল এই অঘটন(Miscreants attack police in Jorhat, one arrested) ।
উল্লেখ্য যে , শুকুৰবাৰে মালৌখাতৰ পবিত্ৰ বৰাৰ ঘৰত চমন দিবলৈ গৈছিল পুলিবৰ আৰক্ষী থানাৰ আৰক্ষী জোৱান আবজল হুছেইনে । তাৰ পিছতে কোনো কাৰণ নোহোৱাকৈ দিন দুপৰতে ৰণ্টু বৰা নামৰ এজন দুৰ্বৃত্তই প্ৰহাৰ কৰিলে কৰ্তব্যৰত আৰক্ষীক । দুৰ্বৃত্তই টানি আজৰি ফালি দিলে আৰক্ষীৰ ইউনিফৰ্ম(Miscreants attack police in Jorhat, one arrested) ।
লগতে পঢ়ক : India vs South Africa T20 World Cup final : আজি অনুষ্ঠিত হ’ব টি 20 বিশ্বকাপৰ ফাইনেল