Lekhapani police station SP suspended : ছাত্ৰক প্ৰহাৰ কৰা গুণ্ডাৰূপী SIক নিলম্বন !
তিনিচুকীয়া,২৭জুন : নিশা ৰাজপথত লেখাপানী আৰক্ষীৰ গুণ্ডাগিৰি। সুৰাৰ নিচাত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰিলে এগৰাকী MBA ছাত্ৰ পদুম ছেত্ৰীক। যুৱকগৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীল গালি-গলাজ আৰক্ষী বিষয়াৰ।
আৰক্ষী বিষয়া প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ। প্ৰত্যক্ষদৰ্শী ভাষ্য মতে, লেখাপানী আৰক্ষী থানাৰ SI দায়িত্বত থকা প্ৰাঞ্জল ফুকনে নিশা সুৰামত্ত অৱস্থাত আৰক্ষী পোচাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু তিনি গৰাকী আৰক্ষী জোৱানক লগত লৈ ৰাজপথৰ কাষত ৰৈ থকা বাহনৰ পৰা যুৱক গৰাকীক বাহিৰলৈ উলিয়াই অশ্লীল শব্দ প্ৰয়োগৰে গালি পাৰি প্ৰহাৰ কৰে যাৰ ফলত গুৰুতৰ ভাবে আঘাত হয় যুৱকগৰাকী(Lekhapani police station SP suspended)।
ইতিমধ্যে যুৱকগৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি আৰক্ষী বিষয়া গৰাকীৰ লগতে তেওঁৰ লগত যোৱা ২ আৰক্ষী জোৱানৰ বিৰুদ্ধে লেখাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
ইফালে ঘটনা সন্দৰ্ভত সংগতি ৰাখি আজি লেখাপানী আৰক্ষী থানাৰ অভিযুক্ত উপ-পৰিদৰ্শক প্ৰাঞ্জল ফুকনক নিলম্বন কৰা হৈছে। দুগৰাকী কনিষ্ঠবলক ৰিজাৰ্ভ ক্ল’জড কৰা হৈছে। লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অভিযুক্তৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্য মাৰ্ঘেৰিটাৰ SDPOক ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰিছে।
তিনিচুকীয়াক জিলাৰ আৰক্ষী অধীক্ষকলৈ শেহতীয়াকৈ অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিৰ্দেশ জাৰি কৰিছে। অসামৰিক লোকৰ ওপৰত হোৱা হাতাহাতি আৰু আক্ৰমণত জড়িত আৰক্ষী কৰ্মীসকলক ব্যৱস্থা ল’বলৈ নিৰ্দেশনা জাৰি কৰিছে জি পি সিঙে।
SI প্ৰাঞ্জল ফুকনে সুৰামত্ত অৱস্থাত বিনা কাৰণত এজন ছাত্ৰক নিশা প্ৰহাৰ কৰা ঘটনাক লৈ লেখাপানী আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজৰ লগতে দল সংগঠনৰ।
লগতে পঢ়ক : NIA য়ে দাখিল কৰিলে যোৰহাট সেনা চাউনীত গ্ৰেণেড বিস্ফোৰণ;NIA য়ে অভিযুক্ত নকৰিলে তিতাবৰৰ দীপাংকৰ গগৈক