Local, Vocal, Global

জামুগুৰিহাটত একতাৰ নিদৰ্শন

জামুগুৰিহাট,২৭জুন : এতিয়া বাৰিষাৰ বতৰ। কৃষিজীৱি অসমীয়া গ্ৰাম্য সমাজত এতিয়া ভীষণ ব্যস্ততা। মৌচুমীৰ আগমনৰ লগে লগে পথাৰ পানীৰে ভৰি পৰাৰ পাছত এতিয়া আৰাম্ভ হৈছে ভূই ৰোৱাৰ পৰ্ব।

জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুতিৰ পথাৰত দেখা গৈছে গ্ৰাম্য সমাজৰ একতাৰ নিদৰ্শন। অঞ্চলটোৰ বিশাল পথাৰত সমুহীয়াভাৱে এতিয়া ভূই ৰোৱাত ব্যস্ত জাক জাক মহিলা। মহিলা সকলক সহায় কৰিছে একাংশ পুৰুষে। আনন্দ মনৰেই ফুৰ্টি তামাছা কৰি ৰুই গৈছে ভৃই।

জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ এই পথাৰত আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ মহিলাই সমুহীয়া ভাৱে বছৰ বছৰ ধৰি ৰুই আহিছে ভূই। যিটো সময়ত সমাজৰ পৰা সমুহীয়া কামকাজ তথা সমুহীক প্ৰথা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিলে সেই সময়তে যোৱা ৫০ বছৰৰো অধিক দিন ধৰি একতাৰ বান্ধোন শক্তিশালী কৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰম্পৰা ৰক্ষা কৰি এইদৰেই সমুহীয়াভাৱে ভূই অহা কাৰ্য ইতিবাচক হিচাপে বিবেচিত হৈছে।

লগতে পঢ়ক : Elephant menace in Kaliabor : কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ; বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰিলে বাসগৃহ