Local, Vocal, Global

Dead body found in Raha : তিতাইমাৰী দলঙৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২৭জুন : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead body found in Raha)।

এইবাৰ ৰহাৰ চাপৰমুখত উদ্ধাৰ মৃতদেহ । বৃহস্পতিবাৰে পুৱা এটা উদ্ধাৰ হয় মৃতদেহটো । চাপৰমুখ-কামপুৰ পথৰ তিতাইমাৰী দলঙৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন AS 25 X 4948 নম্বৰৰ স্কুটী।

উদ্ধাৰ হোৱা মৃতদেহটো কৌশিক বৰুৱা (২৫) বুলি চিনাক্ত কৰা হৈছে। তেঁওৰ প্ৰকৃত ঘৰ হাজোত।মৃত যুৱকজন আমচৈত পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক হিচাপে কৰ্মৰত আছিল।

জানিব পৰা মতে যুৱকজনে বুধবাৰে পুৱা কৰ্মক্ষেত্ৰলৈ ওলাই গৈছিল। দুপৰীয়া দেউতাকে ভাত খাবলৈ কেইবাবাৰো ফোন কৰিছিল যদিও কৌশিকে এঠাইত পশু চিকিৎসাৰ বাবে জনৈক পাৰ্থপ্ৰতীম নামৰ লোকজনৰ লগত যোৱা বুলি জানিব দিয়ে। তাৰ পিচতে কৌশিকৰ লগত পিতৃৰ সংযোগ নাইকিয়া হয়।

পিচত নিশালৈকে যুৱকজনক বিচাৰ-খোচাৰ কৰাৰ পিচত পুৱা ৰহস্যজনকভাৱে চাপৰমুখৰ তিতাইমাৰী দলঙৰ সমীপত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজনৰ পিঠিৰ অংশ তিতি থকা দেখা গৈছে। এয়া এক হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰিছে একাংশই।

পুৱা ৰহা আৰু চাপৰমুখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত তদন্ত কৰে। ইপিনে যুৱকজনৰ পকেটত উদ্ধাৰ হৈছে ড্ৰাগছৰ দুটাকৈ খালী কণ্টেইনাৰ আৰু এটা চিৰিঞ্জ।

আৰক্ষীয়ে পিচত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ পিচতহে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : Assam Rifles Manipur police seizes huge cache of illegal weaponsand : চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান;জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী