Youth Dies By Drowning in a beel in Rangia : মাছ মাৰিবলৈ গৈ সলিল সমাধি ২২ বছৰীয়া যুৱকৰ
নিউজ ডেস্ক,২৬জুন : ৰঙিয়াৰ তুলসীবাৰীত কৰুণ ঘটনা । মাছ মাৰিবলৈ গৈ সলিল সমাধি ২২ বছৰীয়া যুৱকৰ ।
ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ তুলসীবাৰীৰ নিবাসী তথা জেচিবি চালক আনোৱাৰ আলীয়ে এখন মাছ মাৰিবলৈ গৈছিল । বিলত মাছ মাৰি থাকোতে হঠাতে পানীৰ মাজতে আৱদ্ধ হৈ পৰে আনোৱাৰ । তেওঁক উদ্ধাৰ কৰিবৰ বাবে বন্ধুৰ পৰা সহায় বিচাৰে যদিও বন্ধুজনেও সাঁতুৰিব নজনা বাবে আনোৱাৰক উদ্ধাৰ কৰিব নোৱাকে । যাৰ ফলত বিলখনত ডুব যায় আনোৱাৰ(Youth Dies By Drowning in a beel in Rangia) ।
পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অৱগত হৈ স্থানীয় লোকে আনোৱাৰক উদ্ধাৰ কৰিবলৈ যায় যদিও ইতিমধ্যে যুৱকজনে মৃত্যুক সাৱটি লয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।
যুৱকজনৰ অকাল মৃত্যুৰ খবৰে অঞ্চলজুৰি সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ ।