15 students of 8th standard brutally thrashed by seniors : বৰডুমছাৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিংকাণ্ড;কনিষ্ঠ ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ
নিউজ ডেস্ক,২৬জুন : বৰডুমছাৰ জৱাহৰ নবোদয় বিদ্যালয়ত ৰেগিং। কনিষ্ঠ ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ ।
১৫ জনৰো অধিক কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই আক্ৰমণ কৰাৰ অভিযোগ(15 students of 8th standard brutally thrashed by seniors) ।
চাংলাং জিলাৰ বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ভয়াৱহ ৰেগিং কাণ্ড। জানিব পৰা মতে মঙলবাৰে পুৱা বিদ্যালয়খনৰ ছাত্ৰাবাসত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীৰ এটা দলে ১৫ জনতকৈও অধিক কনিষ্ঠ ছাত্ৰ-ছাত্ৰীক নিৰ্মমভাৱে আক্ৰমণ কৰে। একাদশ শ্ৰেণীৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক ৰেগিঙৰ নামত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ভয়াহব ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পাছতে ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল। বিদ্যালয় কৰ্তৃপক্ষক এই ভয়াবহ ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ভোক্তভূগী ছাত্ৰসকলৰ অভিভাৱক সকলে(Ragging at JNV Changlang) ।
উল্লেখ্য যে বিগত বছৰতো ইটানগৰৰ সাংগে লাডেন স্পৰ্টছ একাডেমীতো সংঘটিত হৈছিল অনুৰূপ ঘটনা।
লগতে পঢ়ক : Elephant menace in Jagiroad : জাগীৰোডৰ দেওশালত বন্যহস্তীৰ উপদ্ৰৱ