Unidentified Body Found in Lakhimpur Subansiri River : টামাৰঘাটত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ
নিউজ ডেস্ক,২৬জুন : টামাৰঘাটত উদ্ধাৰ অচিনাক্ত পুৰুষৰ মৃতদেহ । লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পূব টেলাহী টামাৰ গাঁওৰ টামাৰঘাট খেৰকটীয়া দলঙৰ তলত উদ্ধাৰ হয় অৰ্ধগলিত মৃতদেহটো।
হাফ পেন্ট আৰু স্পৰ্টিং পৰিহিত অৱস্থাত দলঙৰ তলৰ মাটিৰ গেড আৰু মেটেকাৰ মাজত আবদ্ধ হৈ আছিল অৰ্ধগলিত পুৰুষ মৃতদেহটো। বুধবাৰে বিয়লি কৃষ্ণ দাস আৰু এগৰাকী ব্যক্তিয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰাইজক অৱগত কৰে। পাছত পানীগাঁও আৰক্ষী থানাত অৱগত কৰাত জ্যেষ্ঠ উপ পৰিদৰ্শক পুষ্প কমল বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মৃতদেহতো ৰাইজৰ সহযোগত উদ্ধাৰ কৰে।
লখিমপুৰ-মাজুলী জিলাৰ সীমাত উদ্ধাৰ হোৱা মৃতদেহটো অদ্যপি চিনাক্ত হোৱা নাই । আৰক্ষীয়ে চুৰতশাল প্ৰস্তুত কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। একাংশ ৰাইজে এইটো ঢকুৱাখনাৰ জাহাঙ্গীৰ হত্যাকাণ্ডৰ সতে জড়িত বুলি আৰক্ষীয়ে দাবী কৰা সুনীল গগৈৰ বুলি আশংকা কৰিছে যদিও প্ৰকৃত পৰিচয় উদ্ধাৰ হোৱা নাই ।
লগতে পঢ়ক : Dead Body Recovered In Kathiatoli : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ