Local, Vocal, Global

Ambubachi Mela ends devotees takes blessing of maa Kamakhya : অম্বুবাচীৰ নিবৃত্তিৰ পিছতে আজি পুৱাই খোল খালে মা কামাখ্যা মন্দিৰৰ দুৱাৰ

নিউজ ডেস্ক,২৬জুন : অম্বুবাচীৰ নিবৃত্তিৰ পিছতে আজি পুৱাই খোল খালে মা কামাখ্যা মন্দিৰৰ দুৱাৰ। মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত অম্বুবাচীৰ নিবৃত্তি হয়। অম্বুবাচীৰ নিবৃত্তিৰ পিছতে মা কামাখ্যাৰ আশিস ল’বলৈ ভিৰ কৰে সাধু-সন্যাসীৰ লগতে লাখ লাখ ভক্তই(Ambubachi Mela ends devotees takes blessing of maa Kamakhya )।

উল্লেখযোগ্য যে ২২ জুনত আছিল অম্বুবাচীৰ প্ৰবৃত্তি। চাৰিদিন ধৰি বন্ধ হৈ পৰিছিল কামাখ্যা মন্দিৰৰ দুৱাৰ। ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ লগে লগে মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। চাৰিদিনৰ অপেক্ষাৰ অন্তত আজি মাৰ দৰ্শন পাবলৈ হেতা-ওপৰা লগাইছে ভক্তসকলে।

প্ৰতি বছৰৰ দৰে এইবেলিও অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ বহু সাধু-সন্যাসী, ভক্তই ভিৰ কৰিহি মা কামাখ্যা মন্দিৰত। আজি পুৱা দেৱীৰ নিত্য পূজাৰ পিছতে ভক্তগণৰ বাবে খুলি দিয়া হয় মন্দিৰৰ দুৱাৰ। মা কামাখ্যাৰ আশিস ল’বলৈ মন্দিৰত এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা(Ambubachi Mela ends devotees takes blessing of maa Kamakhya )।

লগতে পঢ়ক : Massive fire breaks out in Tinsukia : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ নিহত এজন