Local, Vocal, Global

Three Missing Guwahati School Girls Rescued : নিশা গুৱাহাটীলৈ অনা হয় নুনমাটিৰ নিৰুদ্দিষ্ট ৩ কিশোৰীক

নিউজ ডেস্ক,২৬জুন : নিশা গুৱাহাটীলৈ অনা হয় নুনমাটিৰ নিৰুদ্দিষ্ট ৩ কিশোৰীক। নিউ জলপাইগুৰিৰ পৰা নুনমাটি আৰক্ষীৰ এটা দলে গুৱাহাটীলৈ লৈ আনে কিশোৰী তিনিগৰাকীক। গুৱাহাটীৰ পৰা পশ্চিমবংগলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৩ কিশোৰীয়ে(Three Missing Guwahati School Girls Rescued )।

উল্লেখ্য যে, নুনমাটিৰ ২ নং শালবাৰী, উত্তৰ জ্যোতিনগৰৰ তিনিগৰাকী ছাত্ৰী সোমবাৰে পুৱা বিদ্যালয়লৈ অহাৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছিল । সোমবাৰে পুৱা ৮:৩০ বজাত ছাত্ৰী তিনিগৰাকীক অভিভাৱকে স্কুলত থৈ গৈছিল আৰু পুৱা ন বজাত স্কুলৰ শিক্ষকে উপস্থিতি লোৱাৰ সময়ত ছাত্ৰী তিনিগৰাকী সন্ধানহীন হোৱা বুলি জানিব পাৰে । লগে লগে বিদ্যালয় কৰ্তৃপক্ষই নিৰুদ্দিষ্ট ছাত্ৰী তিনিগৰাকীৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰাত তেওঁলোক স্কুলত অহা বুলি কয় । ইয়াৰ পিচতে স্কুল কৰ্তৃপক্ষ আৰু অভিভাৱকে ঘটনা সন্দৰ্ভত পৃথকে পৃথকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে(Three Missing Guwahati School Girls Rescued from West Bengal) ।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ নুনমাটি আৰক্ষীয়ে নিৰুদ্দিষ্ট ছাত্ৰী কেইগৰাকীৰ সন্ধানত গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই যদিও ছাত্ৰী তিনিগৰাকী ৰে’ল যোগে কলকাতা অভিমুখে ৰাওনা হোৱা বুলি নিশ্চিত তথ্য লাভ কৰে ।

লগে লগে নুনমাটি আৰক্ষীয়ে নিউ জলপাইগুৰি ৰে’ল আৰক্ষীক যোগাযোগ কৰি ছাত্ৰী তিনিগৰাকীক উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰে । নুনমাটি আৰক্ষীৰ অনুৰোধত নিউ জলপাইগুৰি ৰে’ল আৰক্ষীয়ে অভিযান চলাই কলকাতা অভিমুখী ৰে’লত তিনি সন্ধনহীন ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Om Birla elected Speaker of 18th Lok Sabha, second time in a row : লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল বিজেপি সাংসদ ওম বিৰলা