Unidentified Body Found in Ghilamora : ঘিলামৰাৰ চামপৰা নদীত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ
নিউজ ডেস্ক,২৫জুন : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Unidentified Body Found in Ghilamora) ।
এইবাৰ ঘিলামৰাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ ।মঙলবাৰে বিয়লি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ গাঁও অঞ্চলৰ চামপৰা নদীত উদ্ধাৰ হয় অৰ্ধ গলিত মৃতদেহতো ।
জানিব পৰা মতে, নদীৰ বুকুত ভাঁহি আহে মৃতদেহটো । ভাঁহি অহা মৃতদেহটো ঘিলামৰা আৰক্ষীয়ে তথ্য লাভ কৰি নদীৰ পাৰে পাৰে সন্ধান চলাই।ইফালে ঘটনা সন্দৰ্ভত ঢকুৱাখনা এছ ডি আৰ এফ বাহিনীক অৱগত কৰি ঘিলামৰা আৰক্ষীয়ে বাংকেলেং অংশৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ।
বৰ্তমানলৈ চিনাক্ত হোৱা নাই অৰ্ধগলিত মৃতদেহটো । একাংশই এই মৃতদেহটো সুনীল গগৈৰ বুলি ধাৰণা কৰিছে যদিও আৰক্ষী নিশ্চিত হোৱা নাই। ইপিনে একাংশই এইটো কিছুদিন পূৰ্বে আম পাৰিবলৈ গৈ নিখোজ হোৱা যুৱক চিত্ৰ গোহাঁই ওৰফে কটকীৰ মৃতদেহ বুলি সন্দেহ কৰিছে ।