Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ;টি-টেবুলেৰে আক্ৰমণ মাতৃক
নিউজ ডেস্ক,২৫জুন : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ ।
এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল কোকৰাঝাৰ। কোকৰাঝাৰ চহৰৰ হাথিমাথাত সোমবাৰে নিশা ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ।
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ড্ৰাগছ ল’বলৈ টকা নিদিয়াত বৃদ্ধা মাতৃক আক্ৰমণ কৰিছিল অভিযুক্ত পুত্ৰ পদ্যমণি ব্ৰহ্মই।পুত্ৰ পদ্যমণি ব্ৰহ্মৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধা মাতৃ পাৰ্বতী ব্রহ্মই (৭৫)।ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে পদ্য়মণি ব্ৰহ্মক(Son Brutally Killed Mother)।
পৰিয়ালৰ লোকৰ পৰা জানিব পোৱা মতে, পদ্যমণি ব্ৰহ্মই প্ৰায়ে ঘৰত অত্যাচাৰ চলাইছিল।ড্ৰাগছ ল’বলৈ টকা নাপালে বৃদ্ধা মাতৃক মাৰপিট কৰিছিল।সোমবাৰে নিশাও ড্ৰাগছ আসক্ত পুত্ৰই টি-টেবুলেৰে মাকক আক্ৰমণ কৰিছিল। ফলত মাকে মূৰত আঘাত পায়। পুত্ৰৰ আক্ৰমণৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধা মাতৃয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে নিচামুক্তি কেন্দ্ৰতো আছিল ড্ৰাগছ আসক্ত পদ্যমণি ব্ৰহ্ম।
আনহাতে, উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী কৰে ৰাইজে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কোকৰাঝাৰত দেওবাৰেও মদৰ নিচাত বন্ধুৱে বন্ধুক হত্যা কৰিছিল(Son Brutally Killed Mother)।
লগতে পঢ়ক : Cattle Smuggling : ৰূপহীহাটৰ আমবাগানত উত্তপ্ত পৰিস্থিতি;গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৰাইজৰ মাজত