Gunmen kill over 15 policemen, many civilians in Russia’s Dagestan : ৰাছিয়াৰ দক্ষিণৰ গণৰাজ্য দাগেস্তানত উগ্ৰপন্থীৰ আক্ৰমণ;নিহত ১৫গৰাকীকৈ লোক,আহত ২৫গৰাকী

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪জুন : উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা । ৰাছিয়াৰ দক্ষিণৰ গণৰাজ্য দাগেস্তানত আক্ৰমণ উগ্ৰপন্থীৰ ।
উগ্ৰপন্থীৰ আক্ৰমণত নিহত এগৰাকী ধৰ্মীয় গুৰু, আৰক্ষীসহ ১৫ জনতকৈও অধিক লোকৰ । আহত হয় প্ৰায় ২৫ গৰাকী লোক । সোমবাৰে পুৱতি নিশা দাগেস্তানৰ গভৰ্ণৰ ছেৰ্গেই মেলিকভে এক ভিডিঅ’ বিবৃতিযোগে এই উল্লেখ কৰে ।
আক্ৰমণৰ ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই জনোৱা অনুসৰি দেওবাৰে উগ্ৰপন্থীয়ে দুখন চহৰত দুটাকৈ পুৰণি গীৰ্জা, এটা ছিনেগগ (ইহুদীসকলৰ উপাসনা গৃহ) আৰু এখন আৰক্ষী চকীত আক্ৰমণ কৰে । ৰাছিয়াৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সমিতিয়ে সশস্ত্ৰ উগ্ৰবাদৰ ইতিহাস থকা মুছলমান প্ৰধান অঞ্চলটোত হোৱা এই আক্ৰমণক সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি বৰ্ণনা কৰিছে ।
ইফালে এই ভয়ংকৰ ঘটনা সন্দৰ্ভত গভৰ্ণৰে জনোৱা অনুসৰি প্ৰায় ৬ উগ্ৰপন্থীও নিহত হয়(Gunmen kill over 15 policemen, many civilians in Russia’s Dagestan) ।
আৰক্ষীয়ে জনোৱা অনুসৰি উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী ধৰ্মীয় গুৰু আৰু প্ৰায় ৬ গৰাকী আৰক্ষী বিষয়া নিহত হয় । দাগেস্তান প্ৰশাসনে কয় যে কাস্পিয়ান সাগৰ অঞ্চলত থকা ডাৰ্বেণ্ট চহৰৰ এটা ছিনেগগ আৰু এটা গীৰ্জাত সশস্ত্ৰ উগ্ৰপন্থীয়ে গুলীচালনা কৰে । লগতে গীৰ্জা আৰু ছিনেগগত অগ্নি সংযোগ কৰা হয় । প্ৰায় একে সময়তে দাগেস্তানৰ ৰাজধানী মাখাচকলাত এটা গীৰ্জা আৰু যান-বাহন আৰক্ষী চকীত আক্ৰমণ কৰে । দুয়োটা অঞ্চলৰ মাজৰ দূৰত্ব প্ৰায় ১২০ কিলোমিটাৰ হ’ব বুলি জানিব পৰা গৈছে । এই আক্ৰমণৰ পিচতে প্ৰশাসনে অঞ্চলটোত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ঘোষণা কৰে ।
এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত লগত কিমান উগ্ৰপন্থী জড়িত আছিল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ।