Massive Eviction Drive in Jagiroad : জাগীৰোডৰ শিলভাঙাত চলিল প্ৰশাসনৰ বুলড’জাৰ
নিউজ ডেস্ক,২৪জুন : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিল প্ৰশাসনৰ বুলড’জাৰ ৷
শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ঠাইত চলি আছে উচ্ছেদ অভিযান ৷ ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ ৷
এইবাৰ পুনৰ জাগীৰোড শিলভাঙাত চলিল প্ৰশাসনৰ জেচিবি। ৰে’ল বিভাগৰ ভূমি বেদখলৰ বিৰুদ্ধে প্ৰশাসনৰ জেচিবি। দীৰ্ঘদিনৰে পৰা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা জাগীৰোডৰ শিলভঙাত চলিল ৰেল বিভাগৰ বুলডজাৰ । পুৱাৰ ভাগৰ পৰা মৰিগাঁৱৰ জিলা আয়ুক্তই উচ্ছেদ সন্দৰ্ভত কিছু নৰম স্থিতি গ্ৰহণ কৰিছিল যদিও পৰবৰ্তী সময়ত চাৰি খনকৈ জেচিবি লগাই ভাঙি গ’ল অবৈধ বেদখলকাৰী গৃহসমূহ।
জানিব পৰা মতে, শেহতীয়াকৈ ৰেল বিভাগে প্ৰকাশ কৰা এক জাননী অনুসৰি জাগীৰোডৰ শিলভঙা অঞ্চলত বেদখলেৰে বাস কৰা একাংশ লোকক বান্ধি দিয়া হৈছিল এসপ্তাহৰ সময়সীমা। ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ সাজু হৈছিল এই উচ্ছেদ অভিযানৰ বাবে। মোতায়েন কৰা হৈছিল বিশাল অৰ্ধসামৰিক বাহিনী(Massive Eviction Drive in Jagiroad)।
উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা জাগীৰোডৰ শিলভঙাস্থিত ৰেল বিভাগৰ ভূমি একাংশ লোকো অবৈধ বেদখলেৰে বাসগৃহ সজাৰ লগতে গঢ়ি তুলিছিল ব্যৱসায়িক প্ৰতিষ্ঠান । আনহাতে এই অঞ্চল জাগীৰোড অপৰাধমূলক কাৰ্যৰ মূল ঘাটি বুলি ৰাইজে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে।পূৰ্বে এই স্থানত কেইবাবাৰো উচ্ছেদ চলিছিল যদিও পুনৰ এক অদৃশ্য শক্তিৰ প্ৰভাৱত গঢ় লৈ উঠে সকলো।