Local, Vocal, Global

Land centric clash : গোলাঘাট জিলাৰ বাদুলিপাৰত ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক,২২জুন : ভূমিকেন্দ্ৰীক সংঘাত । গোলাঘাট জিলাৰ বাদুলিপাৰত ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি , বাদুলিপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লেবলেবি পথাৰৰ ৩ কঠা ১০ লেচা ভূমি আছিল ৰঙামাটি সমবায় সমিতিৰ নামত । সমবায় সমিতিৰ নামত থকা মাটিখিনি বিগত কিছুদিনৰ পৰা স্থানীয় এগৰাকী মহিলাই অবৈধভাৱে দখল কৰি আহিছে ।এই সন্দৰ্ভত ৰঙামাটি সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰে(Land centric clash) ৷

লিখিতভাবে দাবী জনোৱাৰ পাচতে খুমটাই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে আৰক্ষীসহ ৰঙামাটি সমবায় সমিতিৰ বিষয়ববীয়া আৰু বাদুলিপাৰৰ বিভিন্ন দল-সংগঠনক লগত লৈ সমবায় সমিতিৰ নামত থকা মাটিখিনি পুনৰ অধিগ্ৰহণৰ বাবে যায় ।

অভিযোগ অনুসৰি অধিগ্ৰহণৰ বাবে যোৱাৰ সময়ত অভিযুক্ত মহিলাগৰাকীয়ে চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া, আৰক্ষী আৰু দল-সংগঠনৰ বিষয়ববীয়াক যথেষ্ট দুৰ্ব্যৱহাৰ কৰে । এই কাণ্ডই বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

এই ঘটনা সংঘটিত হোৱাৰ পাচত সমবায় সমিতিৰ মাটি বেদখল কৰি অহা বুলি অভিযোগ উত্থাপন হোৱা মহিলাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰঙামাটি সমবায় সমিতিৰ লগতে স্থানীয় দল-সংগঠন । ইয়াৰ পাচতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সৰ্বসন্মতি ক্ৰমে গোলাঘাট জিলা আয়ুক্ত পি উদয় প্ৰবীণলৈ এখন পত্ৰ প্ৰেৰণ কৰি বিষয়টোত হস্তক্ষেপ কামনা তথা সুবিচাৰ আশা কৰিছে ৰঙামাটি সমবায় সমিতিৰ লগতে দল-সংগঠনে ।

লগতে পঢ়ক : Man goes Missing : নগাঁও জিলাৰ মহগৰিয়াআটি গাঁৱৰ পৰা সন্ধানহীন ৰবীন্দ্ৰ নাথ