Local, Vocal, Global

Two students missing in Jorhat : ৰাভা দিৱসৰ দিনা খালচা বিদ্যালয়ৰ পৰা সন্ধানহীন দুই ছাত্ৰ

যোৰহাট,২২জুন : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Two students missing in Jorhat)।

এইবাৰ যোৰহাটত নিৰুদ্দেশ দুই ছাত্ৰ । ৰাভা দিৱসৰ দিনা খালচা বিদ্যালয়ৰ পৰা সন্ধানহীন হয় ছাত্ৰ দুজন ৷

জানিব পৰা মতে, খালচা বিদ্যালয়ত ফেব্ৰুৱাৰী মাহত সন্ধানহীন হৈছিল পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰাহুল সিং৷ চাৰি মাহত তিনিজনকৈ কিশোৰ সন্ধানহীন হয় খালচা বিদ্যালয়ৰ পৰা । বৰ্তমান ঘটনা সন্দৰ্ভত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Sensational Incident : ডিব্ৰুগড়ৰ বকুল কাঠ গাঁৱত নৃশংস হত্যাকাণ্ড;পিতৃ- মাতৃৰ আক্ৰমণত নিহত পুত্ৰ