Local, Vocal, Global

Sensational Incident : ডিব্ৰুগড়ৰ বকুল কাঠ গাঁৱত নৃশংস হত্যাকাণ্ড;পিতৃ- মাতৃৰ আক্ৰমণত নিহত পুত্ৰ

নিউজ ডেস্ক,২২জুন : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

এইবাৰ ডিব্ৰুগড়ৰ বকুল কাঠ গাঁৱত নৃশংস হত্যাকাণ্ড। নিজ পিতৃ মাতৃ আৰু ভাতৃ আক্ৰমণত পুত্ৰক। পিতৃ, মাতৃৰ আক্ৰমণত নিহত হয় পুত্ৰ ।নিহত পুত্ৰজন হিৰকজ্যোতি দত্ত (২২। ব্লু ডাৰ্টৰ কৰ্মচাৰী আছিল হিৰক।

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা পুত্ৰ হিৰকে পিতৃ – মাতৃ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আছিল বুলি জানিব পৰা গৈছে। এনে সময়তে শুকুৰবাৰে নিশা হিৰক শুই থকা অৱস্থাত পৰিকল্পিতভাৱে পৰিয়ালৰ সদস্যসকলে হত্যা কৰে পুত্ৰক। চোকা অস্ত্ৰৰে হিৰকৰ মূৰত আঘাত কৰি হত্যা কৰে পিতৃ-মাতৃ তথা ভাতৃয়ে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে লাহোৱালৰ আৰক্ষী । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

আৰক্ষীয়ে ইতিমধ্য়ে ঘটনা সন্দৰ্ভত মনোজ দত্ত,পল্লৱী দত্ত, আৰু সুমন দত্ত নামৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক : Tragic Accident in Kaziranga : স্কুটিৰ খুন্দা তীব্ৰ বেগী মটৰ চাইকেলত,নিহত বনকৰ্মী