Woman goes missing : বুঢ়াপুখুৰীপাৰত বোৱাৰী নিৰুদ্দেশ; ১৯ জুনৰ পৰা সন্ধানহীন নিকুমণি দাস

নিউজ ডেস্ক,২২জুন : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ ৰহাৰ সমীপৱৰ্তী বাৰপূজীয়া বুঢ়াপুখুৰীপাৰৰ নিৰুদ্দেশ এগৰাকী বোৱাৰী । নিৰুদ্দেশ হৈ থকা মহিলাগৰাকী জয়ন্ত দাসৰ পত্নী নিকুমণি দাস।
বুঢ়াপুখুৰীপাৰৰ নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকীৰ দুটাকৈ মৰম লগা ল’ৰা আছে। ডাঙৰ ল’ৰাটো চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত আৰু সৰু ল’ৰাটো দ্বিতীয় শ্ৰেণীত।
জানিব পৰা অনুসৰি ১৯ জুন বুধবাৰে ঘৰত শাহুমাকক বেংকলৈ যাওঁ বুলি কৈ ওলাই গৈছিল আৰু তেতিয়াৰে পৰা আজিলৈ ঘৰলৈ উভতি নাহিল নিকুমণি দাস। নিকুমণি দাস নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাই ।
অৱশেষত পৰিয়ালৰ লোক কাষ চাপে আৰক্ষীৰ। কিন্তু তিনিদিন পিচতো কোনো সন্ধান পোৱা নাই বোৱাৰীগৰাকীৰ । কোনো সদাশয় ব্যক্তিয়ে বোৱাৰীগৰাকীৰ সন্ধান পালে ৭৮৯৬০৭২২৫২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী আৰু কণমানি ল’ৰা দুটাই।
লগতে পঢ়ক :Tragic Accident in Kaziranga : স্কুটিৰ খুন্দা তীব্ৰ বেগী মটৰ চাইকেলত,নিহত বনকৰ্মী