Local, Vocal, Global

Tragic Accident in Kaziranga : স্কুটিৰ খুন্দা তীব্ৰ বেগী মটৰ চাইকেলত,নিহত বনকৰ্মী

নিউজ ডেস্ক,২২জুন : এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বনকৰ্মী । শুকুৰবাৰে কাজিৰঙাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ঘটনাৰ বিৱৰণ অনুসৰি, শুকুৰবাৰে বন কৰ্মী গৰাকীয়ে নিজৰ স্কুটিৰে কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয়। তেওঁ চলাই যোৱা স্কুটিখনত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী মটৰ চাইকেলে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বুবুল গগৈ নামৰ বনকৰ্মী গৰাকী ।

গুৰুতৰভাৱে আহত বুবুল গগৈক ততাতৈয়াকৈ চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয়। প্ৰয়াত বুবুল গগৈ বাগৰি বনাঞ্চলত হেড মাউট হিচাপে কৰ্মৰত আছিল(Tragic Accident in Kaziranga)।

লগতে পঢ়ক : Two Poachers Shot Dead by Forest Officials in Laokhowa Sanctuary : লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত বনবিভাগৰ গুলীচালনা;বনকৰ্মীৰ গুলীত নিহত দুই চোৰাং মাছমৰীয়া